নিয়মীয়া বাৰ্তা, ৫ আগষ্ট মৰিগাঁৱৰ লাহৰীঘাটৰ দাতিয়ালবড়ী চাৰিআলি আহমদিয়া হাফিজীয়া মাদ্ৰাছাৰ একেলগে তিনিজন নিৰুদ্দেশ হোৱাৰ ঘটনাই মাদ্ৰাছা কৰ্তৃপক্ষক চিন্তিত কৰিছে। নিৰুদ্দেশৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ১ আগষ্ট মঙলবাৰে সন্ধিয়া ৫ বজাত তিনিওজন ছাত্র মাদ্ৰাছাৰ লজিঙৰ পৰা নিৰুদ্দেশ হয়। নিৰুদ্দেশ হোৱাৰ পিছত মাদ্ৰাছাৰ প্ৰধান শিক্ষক আৰু কতৃপক্ষই ছাত্রসকলৰ ঘৰত ফোন কৰি কোনো সন্ধান নোপোৱাত বহু অপেক্ষা কৰি আজি লাহৰীঘাট থানাত নিৰুদ্দেশ হোৱাৰ বিষয়ে লিখিত ভাবে আৰক্ষীক অৱগত কৰে। নিৰুদ্দেশ হোৱা ছাত্র তিনি জন ক্ৰমে আজহাৰুল ইছলাম (১৭) ভূৰাগাঁও, আবু তাহেৰ (১৬) দেৱাগুৰি আৰু আবু বক্কৰ ছিদ্দিক ( ১৫ বছৰ ১০ মাহ) গোলাঘাট। যদি কোনো সদাশয় ব্যক্তিয়ে ক’ৰবাত দেখা পায় তেন্তে 91015-31792 নম্বৰত ফোন কৰি জনাবলৈ অনুৰোধ জনাইছে প্ৰধান শিক্ষক মোস্তাফা হবিব উল্লাই।
প্ৰেৰক আবুল কালাম