নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ ৰোগৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে শিশু–গর্ভৱতীক টিকা

বর্ধিত মিছন ৰামধেনু কার্যসূচী মুকলি স্বাস্থ্যমন্ত্রী মহন্তৰ

নিয়মীয়া বাৰ্তা ৮ জুলাইঃ  ৰাজ্যৰ শিশু আৰু গর্ভৱতী মহিলাসকলক কেইবাটাও গুৰুতৰ ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ প্রয়াসেৰে আজিৰে পৰা আৰম্ভ কৰা হৈছে বর্ধিত মিছন ৰামধেনু শীর্ষক এক বিশেষ টিকাকৰণ অভিযান৷ গুৱাহাটীৰ পাণবজাৰস্থিত মহেন্দ্র মোহন চৌধুৰী হাস্পতালত আজি এই কার্যসূচী উদ্বোধন কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ এই অভিযানৰ অধীনত পলি’, জাপানিজ এনকেফেলাইটিছ, হেপাটাইটিছ বি, সৰু আই, ডায়েৰীয়া, নিউমোনীয়া, যক্ষ্মা, ৰুবেলা, ৰোটা ভাইৰাছ আদিকে ধৰি মুঠ ১৩টা ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে ভেকচিন প্রদান কৰা হ’ব৷ এই কার্যসূচী উদ্বোধন কৰি মন্ত্রী মহন্তই প্রকাশ কৰা অনুসৰি এই টিকাকৰণ মুঠ তিনিটা পর্যায়ত গ্রহণ কৰিলে সম্পূর্ণ হ’ব৷

সেই অনুসৰি আজিৰ পৰা ১৩ জুলাইলৈ প্রথমটো সপ্তাহত শিশু আৰু গর্ভৱতী মহিলাসকলক ভেকচিন প্রদান কৰা হ’ব৷ পৰৱর্তী পর্যায়ত ৭ আগষ্টৰ পৰা ১৩ আগষ্টলৈ আৰু ৭ ছেপ্ঢেম্বৰৰ পৰা ১৩ ছেপ্ঢেম্বৰলৈ দ্বিতীয় আৰু তৃতীয় পালি ভেকচিন প্রদান কৰা হ’ব৷ এই কার্যসূচীৰ অধীনত মুঠ ১.১৮ লাখ শিশুক ভেকচিন প্রদান কৰিবলৈ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে৷ এই প্রসংগতে তেওঁ কয়– ‘প্রতি সপ্তাহৰ বুধবাৰে বিভিন্ন ৰোগৰ ভেকচিন নিয়মীয়াভাৱে দি অহা হৈছে৷ এই কার্যসূচী চলি থাকিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিষেধক প্রক্রিয়া যাতে পিছপৰি নাথাকে, তাৰ বাবে পদক্ষেপ ল’বলৈ নির্দেশ দিছিল আৰু ইয়াৰ অংশ হিচাপে আজিৰে পৰা এই প্রতিষেধক প্রদান কার্যসূচী আৰম্ভ কৰা হৈছে৷’

তেওঁ সকলো গর্ভৱতী মহিলাৰ লগতে দুবছৰৰ তলৰ শিশুসকলক এই ভেকচিন প্রদান কৰিবলৈ পিতৃ–মাতৃলৈ আহ্বান জনাইছে৷ ৰাজ্যৰ প্রতিটো স্থানতে যাতে এই টিকাকৰণ উপলব্ধ হয়, তাৰ বাবে গ্রহণ কৰা হৈছে বিশেষ পদক্ষেপ৷ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, জিলা আৰু মহকুমা অসামৰিক চিকিৎসালয়, প্রাথমিক স্বাস্থ্যকেন্দ্রকে ধৰি মুঠ ৪,৭৪১টা কেন্দ্রত এই বিশেষ টিকাকৰণ শিবিৰ অনুষ্ঠিত হ’ব৷

ইপিনে ৰাজধানী চহৰ গুৱাহাটীত ক’ভিড আক্রান্তৰ হাৰ কিছু পৰিমাণে বৃদ্ধি পোৱা প্রসংগত সংবাদ মাধ্যমে সোধা প্রশ্ণৰ উত্তৰত স্বাস্থ্যমন্ত্রীয়ে কয়– ‘কামৰূপ মহানগৰ জিলাৰ পৰিৱেশ আমি পর্যবেক্ষণ কৰিম৷ কাইলৈৰ ভিতৰত মই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত আৰু এই জিলাখনত কর্মৰত হৈ থকা সংশ্লিষ্ট বিষয়াবর্গৰ সৈতে আলোচনাত মিলিত হ’ম৷ মহানগৰীত কিদৰে ক’ভিডৰ সংক্রমণ হ্রাস কৰিব পৰা যায়, তাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ইতিমধ্যে সম্পূর্ণ কণ্টেইনমেণ্ট ঘোষণা কৰা জিলাসমূহ পর্যবেক্ষণৰ বাবে সংশ্লিষ্ট অভিভাৱক মন্ত্রী আৰু অভিভাৱক সচিবক আজি কেবিনেটে নির্দেশ দিছে৷’

You might also like