নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মিছন সদ্ভাৱনা’ মুকলি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ  প্ৰশাসন ব্যৱস্থাক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ এক প্ৰচেষ্টা হিচাপে আজি ‘সদ্ভাৱনা প্ৰকল্প’ৰ আনুষ্ঠানিক ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ‘মিছন সদ্ভাৱনা’ ৰ জৰিয়তে ১০ মে’, ২০২১-ৰ পূৰ্বৰ আধৰুৱা হৈ থকা সচিবালয়ৰ ফাইলসমূহৰ কাম অহা ১০ মে’, ২০২২-ৰ ভিতৰত সমাধা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপে ৰাজ্যৰ জনসাধাৰণক তেওঁলোকৰ আধৰুৱা হৈ থকা কামসমূহ কাৰ্যালয় ভ্ৰমণ নকৰাকৈ এক সুচল ব্যৱস্থাৰে ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি  আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই পদক্ষেপে ৰাজ্যখনৰ জনসাধাৰণক যথেষ্ট সকাহ দিব কিয়নো সংশ্লিষ্ট কাৰ্যালয়লৈ নহাকৈয়ে নাগৰিকসকলে তেওঁলোকৰ যাৱতীয় কামবোৰ সুকলমে আৰু সোনকালে সমাধা কৰিব পাৰিব।

আজিৰ  এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে  মন্ত্ৰী  ৰণজিৎ কুমাৰ দাস, মন্ত্ৰী  চন্দ্ৰমোহন পাটোৱাৰী, মুখ্য সচিব শ্ৰী জিষ্ণু বৰুৱা প্ৰমুখ্যে অন্যান্য বিষয়াসকল।

You might also like