মিজোৰ আক্রমণঃ আছু কৃষক মুক্তিৰ অর্থনৈতিক অৱৰোধ
হাইলাকান্দিৰ অসম–মিজোৰাম সীমান্তত অব্যাহত তীব্র উত্তেজনা
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ অসম–মিজোৰাম সীমান্তৱর্তী হাইলাকান্দিৰ গল্লাছেৰা–কচুৰতল এলেকাত মিজো দুষৃকতিকাৰীয়ে সন্ত্রাসৰ প্রতিবাদ জনাই অসমৰ ভূমি ৰক্ষা কৰাৰ লগতে স্থানীয় ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত পুৱাৰ পৰাই অর্থনৈতিক অৱৰোধ কার্যসূচী পালন কৰিছে হাইলাকান্দি জিলাৰ কৃষক মুক্তি আৰু আছুৰ কর্মী–সদস্যসহ স্থানীয় ৰাইজে৷ বুধবাৰৰ দিনা ঘাডমূডাৰ ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কার্যসূচী পালন কৰি প্রতিবাদকাৰীয়ে যান–বাহনৰ চলাচল বন্ধ কৰি দিয়ে৷ উল্লেখ্য যে কালি অগ্ণিসংযোগৰ ঘটনাত কুৰিটাৰো অধিক ঘৰ ভস্মীভূত হয়৷ আজি কৃষক মুক্তিৰ কেন্দ্রীয় নেতা জহিৰ উদ্দিন লস্কৰ, আছুৰ কর্মকর্তা কমৰুল ইছলামৰ নেতৃত্বত পথ অৱৰোধ কার্যসূচী পালন কৰা হয়৷ কৃষক নেতা জহিৰ উদ্দিন লস্কৰে স্পষ্ট ভাষাত কয়– অসম চৰকাৰৰ ব্যর্থতাৰ বাবে মঙলবাৰৰ ঘটনা সংঘটিত হৈছে৷ তদুপৰি মিজোৰামৰ সৈতে সকলো ধৰণৰ যোগাযোগ বন্ধ কৰি অর্থনৈতিক অৱৰোধ গঢ়ি তোলাৰ হুংকাৰ দিয়ে জহিৰ উদ্দিনে৷ কৃষক মুক্তি আৰু আছুৰ আন্দোলনক পূর্ণ সমর্থন জনায় কাটলিছৰাৰ বিধায়ক ছুজাম উদ্দিন লস্কৰে৷ তেওঁ কয়– পথ অৱৰোধ কার্যসূচী তথা আন্দোলন তীব্রতৰ কৰি তোলা হ’ব৷ ইপিনে মিজো দুর্বৃত্তৰ তাণ্ডৱত হাইলাকান্দিৰ অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমান্ত এলেকাৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে৷ সীমান্ত এলেকা সুৰক্ষা প্রদানত চূডান্ত ব্যর্থ হৈছে ৰাজ্য চৰকাৰ৷ কালি প্রত্যন্ত গল্লাছেৰা গাঁৱত সশস্ত্র মিজো দুর্বৃত্তই পৰিকল্পিতভাৱে আক্রমণ চলাই ২০টা পৰিয়ালৰ ঘৰ–বাৰী জ্বলাই দিয়ে৷ তদুপৰি মিজো দুর্বৃত্তৰ তাণ্ডৱত ৭০টা পৰিয়ালে প্রাণৰ মমতাত ঘৰ–বাৰী এৰি নিৰাপদ আশ্রয় লৈ পলাই আছে৷ উক্ত ঘটনাত মিজোৰামৰ আৰক্ষীৰ প্রত্যক্ষ সহযোগিতাত দুর্বৃত্তৰ আক্রমণত মহিলাসহ দহগৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে৷
ইয়াৰে গুৰুতৰভাৱে আহত লোকসকল হ’ল– আকিল উদ্দিন লস্কৰ (৫৫), আনাম উদ্দিন লস্কৰ (৪৫), কবিৰ উদ্দিন (৩০), মইন উদ্দিন (৩৫)৷ জানিব পৰা মতে, দক্ষিণ হাইলাকান্দিৰ পিছপৰা অঞ্চল গল্লাছেৰাত এখন সীমান্ত আৰক্ষী চকী আৰু কিছু নিলগৰ ৰামনাথপুৰত এখন পূর্ণাংগ আৰক্ষী থানা থকাৰ পাছতো মিজো আৰক্ষীৰ সহযোগত মিজো দুর্বৃত্তই দিনৰ ভাগতে গল্লাছেৰা গাঁৱত আক্রমণ চলায়৷ দুর্বৃত্তই দুই কিলোমিটাৰ এলেকাব্যাপী তাণ্ডৱ চলায়৷ কিন্তু দুর্বৃত্তক বাধা দিয়াৰ সলনি অসম আৰক্ষীয়ে নীৰৱ দর্শকৰ ভূমিকা পালন কৰে বুলি প্রত্যক্ষদর্শীয়ে অভিযোগ কৰে৷ ইপিনে কিছু সময়ৰ বিৰতিৰ পাছত সন্ধিয়া ৫মান বজাত মিজো দুর্বৃত্তই নির্বিচাৰে অগ্ণিসংযোগ কৰে৷ সেই সময়ত ঘটনাস্থলীত দুর্বৃত্তৰ সৈতে মিজো আৰক্ষীৰ দল উপস্থিত আছিল৷ উক্ত ঘটনাত স্থানীয় পাঁচগৰাকী বাসিন্দা গুৰুতৰ আহত হয়৷ পিছলৈ তেওঁলোকক হাইলাকান্দি চিভিল হাস্পতাললৈ নিয়া হয়৷ কালি দুপৰীয়া প্রায় ১২ বজাত গল্লাছেৰা বি অ’ পি কেম্পৰ ওচৰৰ পৰা ১০০ কিলোমিটাৰ দূৰত পি এম জি এছ ৱাই পথ নির্মাণৰ ঘটনাৰ সূত্রপাত হয়৷ মিজো দুর্বৃত্তই অসমৰ ভূমি তেওঁলোকৰ বুলি দাবী জনায়৷ ইয়াৰ পাছতেই দুয়োপক্ষৰ মাজত বিতর্ক সৃষ্টি হয়৷ কিছু সময়ৰ ভিতৰত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ মিজো দুর্বৃত্তই চোকা অস্ত্র লৈ আক্রমণ চলায় গল্লাছেৰাৰ বাসিন্দাৰ ওপৰত৷ অসম আৰক্ষীৰ দুর্বল স্থিতিক দোষাৰোপ কৰিছে ভুক্তভোগী ৰাইজে৷ বিভিন্ন স্থানত স্থানীয় দল–সংগঠনে আজি বিক্ষোভ প্রদর্শন কৰে৷ ইপিনে আজি ঘটনাস্থলীত উপস্থিত হৈ উপায়ুক্ত মেঘ নিধি দাহাল, আৰক্ষী অধীক্ষক পবিন্দ্র কুমাৰ নাথ, ডিআইজি (দক্ষিণ অসম) দিলীপ কুমাৰ দে’ই ক্ষতিগ্রস্তসকলক ক্ষতিপূৰণৰ প্রতিশ্রুতি দিয়ে৷ ইপিনে গল্লাছেৰাত মিজো দুর্বৃত্তৰ আক্রমণৰ প্রতিবাদত ঘাডমূৰাৰ মিছন প্রেছবিটাৰিয়ান স্কুলত আক্রমণ চলায় অচিনাক্ত দুর্বৃত্তই৷ মিছন চৌহদত থকা প্রধান শিক্ষক এইচ বানলাল ডিকাৰ ঘৰত আক্রমণ চলায় দুর্বৃত্তই৷ ইয়াৰ ফলত প্রধান শিক্ষকৰ পত্নীসহ সন্তান আহত হয়৷ পাছত স্থানীয় ৰাইজ ওলাই অহাত দুর্বৃত্তই পলায়ন কৰে৷