নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাই জনসাধাৰণক মিঠাতেল কমকৈ ব্যৱহাৰ কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ মিঠাতেলৰ মূল্যবৃদ্ধিৰ প্রসংগত দেওবাৰে গুৱাহাটীত সাংবাদিকৰ আগত বিধায়ক বৰাই কয় যে মিঠাতেল কমকৈ ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ বাবে ভাল৷ ৯০ শতাংশ মিঠাতেলেই ভেজাল৷ তেওঁ মিঠাতেল নাখায়েই৷ সকলো বইল খায়৷ তদুপৰি মিঠাতেলৰ ব্যৱহাৰ কমাই দিলে ব্যৱসায়ীবোৰো মৰিব আৰু দামো কমিব৷ তেওঁ আৰু কয় যে অৰুণাচল প্রদেশত মানুহে মিঠাতেল নাখায়৷ তেওঁৰ ঘৰত বন কৰা ছোৱালী এজনী আহিছে৷ তাই আগেয়ে অৰুণাচলৰ পৰিয়াল এটাত কাম কৰিছিল৷ তাত তাই মিঠাতেল দেখাই নাই৷ সেইদৰে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ প্রসংগত বিধায়ক বৰাই কয় যে সমগ্র দেশতে পেট্র’ল–ডিজেলৰ দাম বাঢ়িছে৷
পেট্র’ল–ডিজেলৰ দাম বৃদ্ধিৰ বাবে তেওঁ অসম চৰকাৰক ব্যর্থ বুলি নকয়৷ কেন্দ্রীয় চৰকাৰেহে চিন্তা কৰিব কেনেকৈ সেই মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিব৷ অসমৰ দুই–তিনিটা ৰিফাইনেৰীত পেট্র’ল উৎপাদন হোৱাৰ কথা উল্লেখ কৰি তেওঁ অসমৰ ৰাইজক সস্তাত পেট্র’ল দিয়াৰ দাবী জনায়৷
আনহাতে, গুৱাহাটী মহানগৰীৰ হাতীগড় চাৰিআলি আৰু জুৰোড–নাৰেংগী তিনিআলিত মাত্র ৮০০ মিটাৰ ব্যৱধানত নির্মাণ সামগ্রী এক ভেন বালিৰ দামৰ ব্যৱধান ৭৫০ টকা হোৱাৰ কথা উল্লেখ কৰি ড্রাগ্ছ ব্যৱসায়ীৰ দৰে সেইসকল ব্যৱসায়ীকো ধৰি আনি জে’লত ভৰাব লাগে বুলি দাবী জনায়৷ সাংবাদিকৰ আগত বিধায়ক বৰাই তেওঁৰ বহু ৰাজনৈতিক কথা ক’বলৈ আছে বুলি মন্তব্য কৰি কয় যে শাসক দলৰ বিধায়ক হিচাপে তেওঁ সেইবোৰ কথা সংবাদ মাধ্যমৰ আগত ক’ব নোৱাৰে৷ বিধায়ক হিচাপে তেওঁ সেইবোৰ কথা বিধানসভাত, দলীয় সভাত উত্থাপন কৰিব৷ শাসক দলত থকাৰ বাবে তেওঁ বাধ্য–বাধকতাত পৰি মুখ বন্ধ কৰি থাকিবলগীয়া হৈছে বুলি উল্লেখ কৰে৷