বিশেষ বাৰ্তা, ২৯ জুন : অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান সমিতি আৰু নগাঁও পৌৰসভাৰ অধীনত উত্তৰ পূব ভাৰতৰ অন্যতম আগশাৰীৰ মানৱ সেৱাৰ স্বেচ্ছাসেৱী সংগঠন শ্ৰীমন্ত শংকৰ মিছনৰ উদ্যোগত নগাঁও চহৰৰ পানীগাঁও ছয়আলিত স্থাপন কৰা “নগৰীয়া গৃহহীন লোকৰ আবাস গৃহ”টিৰ আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই। আজি শ্ৰীমন্ত শংকৰ মিছনৰ ছয়আলিস্থিত কমলা নেহেৰু চৌহদত এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত এগছি বন্তি জ্বলাই, নাৰিকল ভাঙি বিধায়ক ৰূপক শৰ্মাই গৃহহীন লোকৰ আবাস গৃহটি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে। গৃহহীন লোকৰ আবাস গৃহটি উদ্বোধনৰ লগত সংগতি ৰাখি আয়োজন কৰা এখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক শৰ্মাই ভাষণ প্ৰসংগত এই আৱাস গৃহটিৰ জৰিয়তে নগাঁৱৰ বহুদিনীয়া এটা অভাৱ পুৰণ হ’ল। যিসকল গৃহহীন লোক নিজৰ কোনো ঘৰ নাই,যিসকলে ৰাস্তাই- ঘাটে নিশা যাপন কৰিবলৈ বাধ্য আছিল, সেইসকলে আজিৰ পৰা এটা ঠিকনা লাভ কৰিলে। এতিয়াৰ পৰা এই আবাস গৃহটিত তেওঁলোক নিৰাপদে থাকিব পাৰিব আৰু তেওঁলোকৰ বাবেও খোৱা -বোৱাৰো সুবিধা লাভ কৰিব বুলি বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে। এই সভাতেই নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাই নিজৰ ভাষণ প্ৰদান কৰি শ্ৰীমন্ত শংকৰ মিশ্যনৰ এনে প্ৰচেষ্টাৰ শলাগ লোৱাৰ উপৰিও অহা ১ জুলাইৰ পৰা নগাঁও পৌৰসভাৰ এলেকাত বলবৎ হোৱাকৈ প্লাষ্টিক ব্যৱহাৰ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হ’ব বুলি জানিবলৈ দি এইক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা কামনা কৰে। শ্ৰীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই আঁত ধৰা সভাখনত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, জিলাৰ ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া ৰূবী কলিতা, নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া প্ৰীতম ৰাজা শৰ্মা, শ্ৰীমন্ত শংকৰ মিশ্যনৰ উপ-সভাপতি দ্বয় ৰঞ্জিত কুমাৰ তামুলী ফুকন,মাধন শইকীয়াকে ধৰি বহু কেইজন পৌৰ আয়ুক্ত উপস্থিত থাকে। সভাত বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে দুটি গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।
প্ৰেৰক কনক হাজৰিকা