নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক শ্বেৰমান আলীক পুনৰ গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ অসম আন্দোলনৰ শ্বহীদক ঘাতক তথা নৰহত্যাকাৰী বুলি অপমানসূচক মন্তব্য কৰি গ্রেপ্তাৰ হোৱা কংগ্রেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক আজি পুনৰ গ্রেপ্তাৰ কৰিলে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই৷ বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা বিধায়কজনক শুকুৰবাৰে বিশেষ আদালতত হাজিৰ কৰোৱা হয়৷ শ্বহীদক অপমান কৰা গোচৰত কাৰাবন্দী হৈ থকা বিধায়কজনক শুকুৰবাৰে বিশেষ আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷

উল্লেখ্য যে বাঘবৰ সমষ্টিৰ পৰা কংগ্রেছৰ টিকটত নির্বাচিত হোৱা শ্বেৰমান আলীয়ে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ এক কেলেংকাৰিত জড়িত হৈ আছে৷ বিধায়কজনে প্রতিনিধিত্ব কৰা বাঘবৰ সমষ্টিৰ মন্দিয়া ব্লকৰ অধীনত সমষ্টি উন্নয়নৰ বাবে আবণ্টিত ধনৰ প্রায় ২৫,০৮,২৩২ টকা কাম নকৰাকৈ আত্মসাৎ কৰা হৈছিল৷ এই সন্দর্ভত মুখ্যমন্ত্রীৰ তদাৰকী শাখাই যোৱা জুন মাহত ২/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে৷

উত্থাপিত অভিযোগ অনুসৰি সমষ্টি উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ ভিতৰত ১৪খন আঁচনিৰ বাবে ধার্য কৰা ২৫,০৮,২৩২ টকা কোনো কাম নকৰাকৈ সমূদায় আত্মসাৎ কৰা হয়৷ এই গোচৰত ইতিমধ্যে ৬জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ গ্রেপ্তাৰ হোৱা লোককেইজন হ’ল– মন্দিয়া ব্লকৰ বিডিঅ’ যাদৱ চন্দ্র চৌধুৰী, কনিষ্ঠ অভিযন্তা তথা কাৰিকৰী সদস্য আইনুৰ ৰহমান, নির্মাণ কমিটীৰ সভাপতি আব্দুৰ ৰেজ্জাক, শ্বাহজামাল আলী, মুজাহিদুল ৰহমান আৰু আন এজন বিডি’ ইউছুফ ৰহমান৷ এই ৬জনক ইতিমধ্যে কাৰাগাৰলৈ প্রেৰণ কৰা হৈছে৷ চলি থকা এনে তদন্তত বিধায়ক শ্বেৰমান আলী জড়িত থকাৰ শেহতীয়াকৈ তথ্য লাভ কৰিছে মুখ্যমন্ত্রীৰ তদাৰকী শাখাই৷ এই তথ্যৰ ভিত্তিতে ইতিপূর্বে ন্যায়িক জিম্মালৈ যোৱা বিধায়ক শ্বেৰমান আলীক কালি গ্রেপ্তাৰ কৰে মুখ্যমন্ত্রীৰ তদাৰকী শাখাই৷ বিধায়কজনক গ্রেপ্তাৰ সন্দর্ভত তদাৰকী শাখাই অসম বিধানসভাৰ অধ্যক্ষকো অৱগত কৰিছে৷ আনহাতে আজি আৰক্ষীৰ জিম্মালৈ প্রেৰণৰ পাছতে শ্বেৰমান আলীক জি এম চি এইচত স্বাস্থ্য পৰীক্ষা কৰোৱা হয়৷

You might also like