নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা ক’ভিড আক্ৰান্ত

নিয়মীয়া বাৰ্তা , ১০ আগষ্ট :: ক’ভিড ৰোগত আক্ৰান্ত হ’ল দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা । বিধায়কগৰাকীয়ে আজি দুলীয়াজান মধ্যজালনি প্ৰাথমিক বিদ‍্যালয়ত ৰেপিড টেষ্ট কৰা ফলাফল অনুসৰি পজিটিভ চিনাক্ত হয় ।

আজি সন্ধিয়ালৈ ১০৮ যোগে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্ত্তি কৰা হয় বিধায়ক গোৱালাক। বিধায়কগৰাকীয়ে জানিবলৈ দিয়ামতে কালি সন্ধিয়াৰ পৰাই জ্বৰ অনুভৱ হোৱাত আজি তেওঁ স্বাস্থ্যৰ পৰীক্ষা কৰোৱাই । ইফালে বিধায়কগৰাকীৰ অসুস্হতাৰ খৱৰ লাভ কৰি দলটোৰ সমূহ কাৰ্য‍্যকৰ্তাৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস‍্য ধ্ৰুৱজ্যোতি গগৈয়েও আশু আৰোগ্য কামনা কৰিছে ।

You might also like