কোৱাৰেণ্টাইনত থকা চোৰক কিলাই বিপদত ৰাইজ; যাব লাগিব কোৱাৰেণ্টাইনলৈ
নিয়মীয়া বাৰ্তা ১৫ জুনঃ হাজোৰ বাৰাংহাটীত নিশা হাহাকাৰ। এক আজৱ ঘটনা সংঘটিত হ’ল হাজোত। চোৰক উত্তম মধ্যম দি এতিয়া গোটেই গাওঁৰ লোকসকল যাব লাগিব হোম কোৱাৰেণ্টাইন!
উল্লেখ্য যে হাজোৰ বাৰাংহাটীত চোৰ এটাক গণপ্ৰহাৰ কৰিছিল। কিন্তু ইয়াৰ পিছতেই সকলো গঞা ৰাইজ ভয়ত কম্পমান। কাৰণ কিছু দিন পূৰ্বে গণপ্ৰহাৰ কৰা হেলিমুদ্দিন আলী আছিল হোম কোৱাৰেণ্টাইনত, কাৰণ চোৰটো কিছুদিন পূৰ্বে তামিলনাডুৰ পৰা আহিছিল।
হোম কোৱাৰেণ্টাইনত থকাৰ মাজতেই ওলাল এজন বন্ধুক লগত লৈ নিশা চুৰি কাৰ্যৰ বাবে। কিন্তু তেওঁ ধৰা পৰিল আৰু ৰাইজৰ হাতত গণপ্ৰহাৰৰ সন্মুখীন হ’ল।
ঘটনাটো তেতিয়ালৈ ঠিকেই আছিল, কিন্তু ৰাইজে গম পালে যে চোৰ হেলিমুদ্দিন আলী হোম কোৱাৰেইণ্টাইনত আছিল। গতিকে গণপ্ৰহাৰ দিয়া লোক সকল কোৱাৰেইণ্টাইন হোৱাটো নিশ্চিত। আনকি ঘটনাস্থলীত উপস্থিত হোৱা কঞা থানাৰ আৰক্ষীও যাব লাগিব কোৱাৰেইণ্টাইনলৈ। এই ঘটনাক লৈ এতিয়া হাজোৰ বাৰাংহাটী গাঁওত আতংকৰ সৃষ্টি হৈছে। বৰ্তমান দুই চোৰ কঞা থানাৰ আলহী ।