নিয়মীয়া বাৰ্তা ৪ জুলাইঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰি ৰাজ্যৰ সাম্প্রতিক বান, গৰাখহনীয়া, ভূমিস্খলন আৰু আৰু ক’ভিড–১৯ সংক্রমণৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ সবিশেষ প্রধানমন্ত্রী মোদীক অৱগত কৰে৷ টেলিফোনিক বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে ক’ভিড–১৯ৰ সংক্রমণৰ সময়তে ৰাজ্যখনে জটিল বান পৰিস্থিতি, গৰাখহনীয়া, ভূমিস্খলন আদিৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বানপানীৰ ফলত উজনি আৰু নামনি অসমৰ কেইবাখনো জিলা বেয়াকৈ ক্ষতিগ্রস্ত হৈছে৷ মুখ্যমন্ত্রী সোণোৱালে লগতে এই বানৰ কবলত পৰা জিলাসমূহৰ কৃষিভূমিৰ শস্যৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বিভিন্ন ঠাইত পথ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হোৱাৰ কথাও প্রধানমন্ত্রী মোদীক অৱগত কৰে৷ তদুপৰি কিছুদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গৰাখহনীয়া আৰু ভূমিস্খলনৰ দৰে ঘটনাও সংঘটিত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে ইয়াৰ ফলত কেইবাজনো ব্যক্তিয়ে মৃত্যুবৰণ কৰিবলগীয়াও হৈছে বুলি প্রধানমন্ত্রী মোদীক জনায়৷ মুখ্যমন্ত্রী সোণোৱালে বান ক্ষতিগ্রস্ত এলেকাত ৰাজ্য চৰকাৰে আগবঢ়োৱা সাহায্য, বানাক্রান্তৰ বাবে আশ্রয় শিবিৰ, দুর্যোগত মৃত্যুবৰণ কৰা ব্যক্তিৰ পৰিয়ালৰ নিকটাত্মীয়লৈ ৪৮ ঘণ্টাৰ ভিতৰত সাহায্য অনুদান, বানাক্রান্ত এলেকাত এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীৰ দ্বাৰা উদ্ধাৰ অভিযান ক্ষিপ্রতৰ কৰা ইত্যাদিৰ লেখীয়া পদক্ষেপৰ সবিশেষ ব্যাখ্যা আগবঢ়ায়৷ আশ্রয় শিবিৰসমূহত ক’ভিড–১৯ৰ প্রট’কল মানি চলাৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তসকলক ইতিমধ্যে নির্দেশ দিয়া হৈছে বুলিও তেওঁ প্রধানমন্ত্রী মোদীক অৱগত কৰে৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে শেহতীয়াকৈ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ অন্যান্য প্রান্তত ক’ভিড–১৯ৰ সংক্রমণ আৰু এইক্ষেত্রত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বিস্তৃতভাৱে জানিবলৈ দিয়ে৷ ৰাজ্য চৰকাৰে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে শেহতীয়াকৈ বিভিন্ন ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ কথাটোও তেওঁ প্রধানমন্ত্রী মোদীক অৱগত কৰে৷ প্রধানমন্ত্রী মোদীয়ে মুখ্যমন্ত্রী সোণোৱালক কয় যে অসমে সন্মুখীন হোৱা এই সংকটৰ সময়ত কেন্দ্রীয় চৰকাৰ ৰাজ্যবাসীৰ লগত আছে৷ কেন্দ্রীয় চৰকাৰে এই দুর্যোগপূর্ণ সময়ৰ পৰা উদ্ধাৰ পোৱাৰ বাবে ৰাজ্য চৰকাৰলৈ সকলোধৰণৰ সহায়–সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্রীক আশ্বাস দিয়ে৷
বানত নিহতৰ নিকটাত্মীয়লৈ প্রধানমন্ত্রীৰ ২ লাখ টকা
বানপানীত মৃত্যু হোৱা ব্যক্তিসকলৰ নিকটাত্মীয়লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রদান কৰিব ২ লাখ টকাকৈ৷ প্রধানমন্ত্রী ৰাষ্ট্রীয় দুর্যোগ সাহায্য পুঁজিৰ পৰা এই ধনৰাশি প্রদান কৰা হ’ব৷ আজি এক টুইটযোগে এই কথা সদৰী কৰিছে প্রধানমন্ত্রীৰ কার্যালয়ে৷ ইপিনে, প্রধানমন্ত্রীগৰাকীৰয়ে এই পদক্ষেপক আদৰণি জনাইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷
প্রধানমন্ত্রী মোদীৰ ভিডি’ কনফাৰেন্স, আমিনগাঁৱত অংশ ল’ব মুখ্যমন্ত্রী–স্বাস্থ্যমন্ত্ৰীৰ
আজি বিয়লি ৪ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে আন আন ৰাজ্যসমূহৰ লগতে অসমৰ লগতো সংযুক্ত হ’ব৷ আমিনগাঁও গড়কাপ্টানী অতিথিশালা সভাগৃহত আয়োজন কৰা ভিডিঅ’ কনফাৰেন্সত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, নেডাৰ আহ্বায়ক তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ভাৰতীয় জনতা পার্টীৰ অসম প্রদেশৰ ক’ৰ কমিটীৰ সদস্যসকলে অংশগ্রহণ কৰিব৷ এই কথা জানিবলৈ দিছে দলটোৰ সংবাদ সম্পর্ক বিভাগৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰলে৷