নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অসমত সমুখ সমৰত মোদী–ৰাহুলঃ চাবুৱাৰ পৰা উজনিত নির্বাচনী ৰণডংকা বজাব প্রধানমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ  আজি পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ চাবুৱা সমষ্টিৰ জানমুখত অনুষ্ঠিতব্য ‘বিজয় সংকল্প সমাৱেশ’ শীর্ষক এখন বিশাল জনসমাৱেশ সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে উজনি অসমত বজাব নির্বাচনী ৰণডংকা৷

আজিৰ দিনটোত প্রধানমন্ত্রী মোদী আৰু কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে কার্যতঃ অসমত সমুখ সমৰত নামিব৷ কিয়নো কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে দুদিনীয়া ভ্রমণসূচীৰে কালিৰ দিনৰ ভাগতে অসমত উপস্থিত হৈছে৷

প্রথমদিনাৰ কার্যসূচীত কংগ্রেছৰ শীর্ষ নেতাজনে লাহোৱালত শিক্ষার্থীৰে মত বিনিময় কৰাৰ লগতে চাবুৱা আৰু ডুমডুমাত দুখনকৈ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷ আজি তেওঁ মৰিয়নি আৰু গহপুৰত দুখনকৈ জনসভা সম্বোধন কৰিব৷ নির্বাচনী প্রচাৰ অভিযান এইদৰে তুংগত উঠাৰ সময়তে একেদিনাই ৰাজ্যত প্রধানমন্ত্রী মোদী আৰু কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে জনসভাত অংশগ্রহণৰ বিষয়টো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷

উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে যোৱা ১৮ মার্চত কৰিমগঞ্জত বিশাল জনসভাত ভাষণ দি বৰাক উপত্যকাত নির্বাচনী ৰণদুন্দুভি বজাইছিল৷ আজি চাবুৱাৰ জানমুখত অনুষ্ঠিত হ’বলগীয়া প্রধানমন্ত্রী মোদীৰ বিশাল জনসভা সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাজ্যিক বিজেপিৰ উপৰি দলটোৰ ডিব্রুগড় জিলা সমিতি আৰু অগপৰ ডিব্রুগড় জিলা সমিতিয়ে ব্যাপক প্রস্তুতি চলাইছে৷

ইয়াৰ সমান্তৰালভাৱে প্রধানমন্ত্রী মোদীৰ আগমনক কেন্দ্র কৰি ডিব্রুগড় আৰু তিনিচুকীয়া জিলা প্রশাসনে গ্রহণ কৰিছে ব্যাপক তৎপৰতা৷ ইয়াৰ মাজতে প্রধানমন্ত্রী মোদীৰ জনসভাৰ প্রস্তুতিৰ বুজ ল’বলৈ জানমুখত উপস্থিত হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী৷ তিনিচুকীয়া, ডিব্রুগড় আৰু শিৱসাগৰ জিলাৰ দুই লক্ষাধিক লোকক এই বিশাল জনসভাখনত সমৱেত কৰোৱাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ জনসভাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ প্রায় এসপ্তাহ পূর্বৰে পৰা তিনিচুকীয়াত বাহৰ পাতি আছে বিজেপি নেতা নীতিশ মিশ্র৷

ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা প্রকাশ কৰা অনুসৰি প্রধানমন্ত্রী মোদীৰ এই বিশাল গণসভাখনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, অগপ সভাপতি অতুল বৰাকে ধৰি দুয়োটা দলৰ শীর্ষ নেতৃবৃন্দ উপস্থিত থাকিব৷

ইফালে, প্রধানমন্ত্রী মোদীয়ে অহা ২১ মার্চতো অসম ভ্রমণসূচী স্থিৰ কৰিছে৷ সেইদিনা তেওঁ মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপৰ সভাপতি অতুল বৰাই প্রতিদ্বন্দ্বিতা কৰা বোকাখাত সমষ্টিত এখন বিশাল জনসভা সম্বোধন কৰিব৷

You might also like