নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীটত সফলতাৰে উত্তীৰ্ণ মৈৰাবাৰীৰ মহচিনা-চুমাইয়া

নিয়মীয়া বাৰ্তা ৫ জুন : ঘোষিত নীট পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মৈৰাবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দুই মেধাৱী ছাত্ৰীয়ে। মৰিগাঁও জিলাৰ তাতিকটা গাৱৰ শিক্ষক আ: ৰাশ্বিদৰ কন্যা চুমাইয়া চুলতানাই ঘোষিত নীট পৰীক্ষাৰ ফলাফলত ৬৬০ নম্বৰ আহৰণ কৰিবলৈ সক্ষম হৈছে। আনহাতে মৈৰাবাৰী থানা এলেকাধীন হাতীমূৰীয়া গাঁৱৰ মোস্তফা নজৰুল ইছলামৰ জ্যোষ্ঠ কন্যা মহচিনা মোস্তফাই ৫৭০ নম্বৰ আহৰণেৰে নীট পৰীক্ষাত সফলতাৰে উৰ্ত্তীন হবলৈ সক্ষম হৈছে। দুয়োগৰাকী মেধাৱী ছাত্ৰীয়ে নীটৰ দৰে কঠিজ পৰীক্ষাত অৱতীৰ্ন হৈ সুখ্যাতি অৰ্জন কৰাত অঞ্চলজুৰি প্ৰশংসিত হৈছে।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like