সোমবাৰে ৰাজ্যত পুনৰ ৭জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ ৰাজ্যখনত ক’ভিডজনিত পৰিস্থিতি যথেষ্ট উন্নত হৈছে যদিও এই মহামাৰীত মৃত্যুৰ ধাৰা অব্যাহত আছে৷ সোমবাৰে দিনটোতো ৰাজ্যখনত ক’ভিড আক্রান্ত ৭গৰাকীকৈ লোকে প্রাণ হেৰুৱায়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি ক’ভিড আক্রান্ত কামৰূপ মেট্র’ৰ ঠাকুৰ দাস পাল (৬০), যোৰহাটৰ প্রেমধৰ বৰুৱা (৯০), গোলাঘাটৰ লক্ষেশ্বৰী গগৈ (৭০), তিনিচুকীয়াৰ জগদীশ প্রসাদ আগৰৱালা (৯২), কামৰূপ মেট্র’ৰ খনীন্দ্র মোহন গোস্বামী (৬২), প্রভাবালা বৈশ্য (৬৫) আৰু ফৰিদা ভেৰমাটি (৪২)ৰ মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ সোমবাৰে মৃত্যুবৰণ কৰা ৭গৰাকী লোককে ধৰি ৰাজ্যখনত এতিয়ালৈ ক’ভিড আক্রান্ত হৈ মুঠ ৮৭৫গৰাকী লোকৰ মৃত্যু হৈছে৷
ইপিনে,সোমবাৰে ৰাজ্যখনত নতুনকৈ ৬৯৮গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ২২৩গৰাকী কামৰূপ মহানগৰীৰ৷ দিনটোত মুঠ ৩৪,৯৫৬গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ আক্রান্তৰ হাৰ ২ শতাংশ৷ আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত সোমবাৰে ১,৫৩০গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ এতিয়ালৈ ৰাজ্যখনত মুঠ ২,০১,৪০৭গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে ১,৭২,২১০গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ বর্তমান ২৭,৩১৯গৰাকী লোক বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে৷ মন্ত্রী ড০ শর্মাই টুইটাৰত উল্লেখ কৰা অনুসৰি, ৰাজ্যখনত বর্তমান সুস্থতাৰ হাৰ ৮৫.৯৯ শতাংশ, সক্রিয় ৰোগীৰ হাৰ ১৩.৫৬ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৩ শতাংশ৷