নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনৰ বিনিময়ত বিষয়বাব এপিচিচিৰ

কংগ্রেছী আলী আকবৰ মিঞাৰ গুৰুতৰ অভিযোগ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ অহা বিধানসভা নির্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই যেন কালিকা লাগিছে শতিকাপ্রাচীন কংগ্রেছ দলটোত৷ ৰাজ্যৰ কংগ্রেছ দলত নেতৃত্বকেন্দ্রিক সংঘাত অব্যাহত থকাৰ সমান্তৰালভাৱে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতাক কেন্দ্র কৰি দলটোৰ ভিতৰত মুকলি ক্ষোভ–বিদ্রোহ আজিও অব্যাহত আছে৷ দলৰ ভিতৰচ’ৰাত চলি থকা এনে পৰিৱেশৰ মাজতেই অজন্তা নেওগ, ৰাজদীপ গোৱালাৰ দৰে নেতাই দল এৰি গেৰুৱা বসন পৰিধানৰো সিদ্ধান্ত গ্রহণ কৰিছে৷ অসমত দলটো যিমানে সংকটৰ সন্মুখীন হৈছে, দিনে দিনে সিমানেই উন্মোচিত হৈ আহিছে দলৰ ভিতৰচ’ৰাত চলি অহা কলংকিত অধ্যায়সমূহ৷ যোৱা পঞ্চায়ত নির্বাচন আৰু লোকসভা নির্বাচনৰ সময়ত দলে জনপ্রিয়তা, গ্রহণযোগ্যতা, জয়ৰ সম্ভাৱনীয়তা আদি দিশ চাই দলীয় টিকট প্রদানৰ পৰিৱর্তে ধনৰ বিনিময়ত দলীয় প্রার্থিত্ব দিয়াৰ গুৰুতৰ অভিযোগ সেই সময়ত বিভিন্নজন কংগ্রেছ নেতাই মুকলিকৈ উত্থাপন কৰিছিল৷ শেহতীয়াকৈ নির্বাচনৰ টিকটেই নহয়, দলীয় বিষয়বাব প্রদান কৰাৰ ক্ষেত্রতো ধনৰ লেনদেন হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ এইবাৰ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্রাক্তন বিধায়ক আলী আকবৰ মিঞাই৷ প্রাক্তন বিধায়ক মিঞাই আজি ‘নিয়মীয়া বার্তা’ৰ আগত অভিযোগ কৰি কয় যে জিলা কংগ্রেছৰ সভাপতি, ব্লক কংগ্রেছৰ সভাপতি নিযুক্তিৰ ক্ষেত্রতো এতিয়া প্রদেশ কংগ্রেছক ধন দিব লাগে৷ ধনৰ বিনিময়তহে সেইবোৰ পদত নিযুক্তি দিয়া হয়৷ হৰিশ ৰাৱাট প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক হৈ থকা সময়ত তেওঁ ধুবুৰী জিলা কংগ্রেছৰ সভাপতি আৰু ব্লক কংগ্রেছৰ সভাপতি সলনিৰ বাবে দলক দাবী জনায়৷ সেই সময়ত তেওঁক জিলা কংগ্রেছ আৰু ব্লক কংগ্রেছৰ সভাপতি সলনিৰ বাবে প্রদেশ কংগ্রেছৰ এজন বিষয়ববীয়াই ধন বিচাৰে৷ বিচৰা অনুসৰি ধন দিব নোৱাৰা বাবেই তেওঁ আজিলৈ জিলা কংগ্রেছৰ সভাপতি আৰু ব্লক কংগ্রেছৰ সভাপতি সলনি কৰিব নোৱাৰিলে৷ দলটোত চলি থকা এই ব্যৱস্থাৰ বাবেই গণভিত্তি নথকা বহু মানুহ আজি দলটোৰ নেতৃত্বত থাকিব পাৰিছে৷ ইয়াৰ বাবেই ধাৰাবাহিকভাৱে প্রতিটো নির্বাচনতে দলটোৱে মুখথেকেচা খাবলগীয়া হৈছে৷

প্রাক্তন বিধায়ক মিঞাৰ মতে, জিলা পর্যায়ৰ পৰা ৰাজ্যিক পর্যায়লৈ নেতৃত্ব পর্যায়ৰ খেলিমেলি প্রথমতে আঁতৰাব লাগিব৷ নিম্ন পর্যায়ৰ পৰা উচ্চ পর্যায়লৈ দলৰ নেতৃত্বৰ পৰিৱর্তন সাধিব লাগিব৷ সেয়া হৈছে সময়ৰ আহ্বান৷ তেওঁ লগতে এ আই ইউ ডি এফৰে কংগ্রেছে মিত্রতা কৰিলে অনাগত দিনত দলৰ আৰু সর্বনাশ হ’ব বুলি উল্লেখ কৰি কয় যে কংগ্রেছে যদি প্রকৃততে মিত্রতা কৰিব বিচাৰে, তেতিয়াহ’লে এ আই ইউ ডি এফক বাদ দি চি পি আই, চি পি আই (এম), চি পি আই (এম এল), বি পি এফ আদি দলৰে মিত্রতা কৰিব লাগে৷ তেতিয়াহ’লেহে ২০২১ত কংগ্রেছে ভাল ফল দেখুৱাব পাৰিব৷ কিন্তু বদৰুদ্দিন আজমলৰ মোহত বন্দী হৈ এ আই ইউ ডি এফৰে মিত্রতা কৰিলে অনাগত দিনত কংগ্রেছে হাতৰ কুঠাৰ ভৰিত মৰা হ’ব বুলি মন্তব্য কৰে৷ ইফালে ৰাজ্যখনত কংগ্রেছৰ শেহতীয়া দুৰৱস্থা দেখি এ আই চি চিয়ে চাৰিজনকৈ সম্পাদকক অসমৰ দায়িত্ব অর্পণ কৰি বিভিন্ন জিলা ভ্রমণৰ বাবে পঠিয়াইছে৷ সেই অনুসৰি এ আই চি চিৰ সম্পাদক পৃথ্বিৰাজ প্রভাকৰ সাথেই অলপতে ধুবুৰী জিলা ভ্রমণ কৰে৷ এই ভ্রমণৰ সময়ছোৱাত জিলাখনৰ তৃণমূল পর্যায়ৰ অজস্র কংগ্রেছ কর্মীয়ে জাপে জাপে স্মাৰক–পত্র প্রদান কৰে৷ প্রতিখন স্মাৰক–পত্রতে তেওঁলোকে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক তৎকালে দায়িত্বৰ পৰা অপসাৰণৰ দাবী জনায়৷ স্মাৰক–পত্রসমূহত্ তেওঁলোকে অভিযোগ কৰে যে দলৰ সর্বস্তৰৰ পৰা এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰুদ্ধাচৰণ কৰা সত্ত্বেও বিটিচি নির্বাচনত আজমলৰ দলৰে ৰিপুণ বৰাই মিত্রতা কৰে৷ যাৰ পৰিণতিত সদ্যসমাপ্ত বিটিচি নির্বাচনত কংগ্রেছ শোচনীয়ভাৱে বিপর্যস্ত হয়৷ তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনতো দলে মুখথেকেচা খায়৷ তদুপৰি আসন্ন বিধানসভা নির্বাচনত সমষ্টিয়ে সমষ্টিয়ে প্রার্থিত্বপ্রত্যাশীসক্ পৰা ইতিমধ্যে লাখে লাখে টকা সংগ্রহৰ কাম আৰম্ভ কৰাৰ গুৰুতৰ অভিযোগ কৰে৷ সেয়ে এ আই চি চিৰ সম্পাদকগৰাকীক অচিৰেই ৰিপুণ বৰাক প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণৰ দাবী জনায়৷

You might also like