নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা ‘ৰং’ৰ পর্দাত প্রেম–ত্যাগ–সংঘাত–বেদনাৰ জীয়া ছবি ‘মনগীত’

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ অসমৰ জনপ্রিয় বিনোদনধর্মী চেনেল ৰঙে আজিৰ পৰা নিশা ৯.৩০ বজাত দর্শকলৈ আগবঢ়াব এখন নতুন ধাৰাবাহিক ‘মনগীত’৷ ৰং চেনেলৰ নিজা প্রযোজনাৰে নির্মাণ হোৱা ধাৰাবাহিকখনৰ পৰিচালকৰ দায়িত্ব গ্রহণ কৰিছে ধ্রুৱজ্যোতি কাশ্যপে৷ ধাৰাবাহিকখনৰ সংলাপ আৰু চিত্রনাট্য বিশ্বজ্যোতি ডেকাৰ৷ মানুহৰ জীৱনলৈ প্রেম এবাৰেই আহে নে বাৰে বাৰে আহে? নাৰী আৰু পুৰুষৰ মিলন হয় প্রেমৰ মাজেৰে গঢ় লৈ উঠা সম্পর্কৰ পাছত৷ কেতিয়াবা দুয়োজনৰ মাজত মিলন হোৱাৰ পাছতো প্রেম হোৱা দেখা যায়৷ কিন্তু মনজিত আৰু গীতিকাৰ মাজত কোনো প্রেম নাছিল৷ বাধ্যত পৰি গীতিকাই মনজিতৰ পত্নী ধর্ম পালন কৰিছিল৷ বাধ্যত পৰি এটা পৱিত্র সম্পর্কক আঁকোৱালি লোৱা গীতিকাৰ জীৱনৰ সংঘাত–ত্যাগ আৰু বেদনাৰে সজাই তোলা হৈছে মনগীতৰ কাহিনী৷ গীতিকাৰ জীৱনত কিয় এনে হ’ল? তাই এটা সুন্দৰ বৈবাহিক জীৱন লাভ কৰিব পাৰিবনে? এটা পৰিয়ালৰ কিছুমান সঁচা ঘটনা আপোনালোকে এইখন ধাৰাবাহিকত উপভোগ কৰিবলৈ পাব৷

‘মনগীত’ৰ প্রতিটো চৰিত্রই দর্শকৰ মনত সাঁচ বহুৱাই সুকীয়া স্থান দখল কৰিব৷ ‘মনগীত’ৰ মুখ্য চৰিত্রত দেখা যাব অসমৰ বহুতো জনপ্রিয় অভিনেতা–ভিনেত্রীক৷ দেখা যাব ৰাতুল দাস, হিমাক্ষী কলিতা, নীলাক্ষি শইকীয়া, সাগৰ নীল, নৱদীপ বৰগোহাঁই, হিমাদ্রী দেৱী, প্রিয়ংকা দাস, ৰাতুল ভূঞা, ৰাখী শইকীয়া আদিৰ লগতে বহুতো ন–পুৰণি শিল্পীক৷ ‘মনগীত’ৰ চিত্রগ্রহণ কৰিছে গণেশ কলিতাই৷ সহকাৰী পৰিচালক পার্থপ্রতিম হালৈ৷ ৰূপসজ্জা দীপান্বিতা লাংথাছা, কলা নির্দেশক বিকাশ মুছাহাৰী, সম্পাদনা ৰমেন বৰা, গ্রাফিক্স ৰাকেশ, দীপাংকৰ, পৰিবহণ পৱন কাকতি, পোহৰ নাৰায়ণ, হেমন্ত, কপিল, ৰাহুল৷ প্রযোজনা নিয়ন্ত্রকৰ দায়িত্বত আছে বিকাশ খেল্মা৷ ‘মনগীত’ ধাৰাবাহিকখনৰ কাহিনীয়ে দর্শকক এক নতুন সোৱাদ দিব বুলি পৰিচালক, অভিনেতা–ভিনেত্রী, কলা–কুশলী সকলোৱে আশা প্রকাশ কৰিছে৷ সেইবাবে আজি নিশা ৯.৩০ বজাত সম্প্রচাৰ হ’ব লগা ‘মনগীত’ ধাৰাবাহিকখন সকলোৱে চাই মৰম দিব বুলি সকলো আশাবাদী৷

You might also like