নিয়মীয়া বাৰ্তা ২ জুনঃ সমগ্ৰ বিশ্বতে ক’ভিড ১৯ য়ে মহামাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰাল ভাৱে আমাৰ দেশতো দ্ৰুত গতিত এই ৰোগ সম্প্ৰসাৰণ ঘটিবলৈ আৰম্ভ কৰিছে।মৰিগাঁও জিলা খনতো এই ৰোগে দেখা দিয়াৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি একাংশ চিকিৎসক-নাৰ্চ তথা চাফাই কৰ্মীয়ে দিন-ৰাতি একাকাৰ কৰি ক’ভিড আক্ৰান্ত ৰোগী সকলক সেৱা আগবঢ়াই আহিছে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত। আজি উক্ত চিকিৎসালয় খনত ক’ভিড ৰোগীৰ চিকিৎসা আগবঢ়োৱা চিকিৎসক ডঃ নিতুল দাস, ডঃ শংকৰ পাতৰ, ডঃ লক্ষীনন্দন বৰা,ধৰিত্ৰী শইকীয়া, ৰীতা গগৈ, বৰ্ণালী নাথ,মৃণ্ময় বৰা, মমিন আলি, জেহেৰুল ইছলাম এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে মৰিগাঁও জিলা প্ৰশাসনৰ হৈ মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা ,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ ৰোহিনী বৰকটকী আদি জিলা প্ৰশাসনৰ উচ্চ পদস্ত বিষয়াসকলে ।
আনহাতে মৰিগাঁও জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে কৰ্তব্যত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ দলটোৰ সকলোৰে সুস্বাস্থ্যৰ কামনা কৰি আহি থকা দিনবোৰতো এনেদৰেই ৰাইজক সেৱা-শুশ্ৰুষা কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে ফুলাম গামোচাৰে আদৰণি জনাই।
জিলা প্ৰতিনিধি দলটোত জিলা সাধাৰণ সম্পাদক পৰেশ চন্দ্ৰ ডেকা,উপ-সভাপতি হিমাংশু ডেকা, প্ৰচাৰ সম্পাদক নয়নজ্যোতি ডেকা,শংকৰ ডেকা, পংকজ ডেকা,বিপুল বৰুৱা আদি উপস্থিত থাকে।