নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 জুপুৰিত থাকি জোনাক বিলালে মৰিগাঁৱৰ থানাখৰুৱা গাঁৱৰ পিতৃহাৰা অবিনাশ নাথে  

নিয়মীয়া বাৰ্তা  ৮ জুনঃ দৰিদ্ৰতাক নেউচি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিবলৈ সক্ষম হ’ল মৰিগাঁৱৰ এজন ছাত্ৰ ৷ জিলাখনৰ পটুৱাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অবিনাশ নাথে ২০০৭ চনতে পিতৃক হেৰুৱাই আৰ্থিক ভাৱে জুৰুলা হোৱা পৰিয়ালটোত মাতৃ নিৰলা দেৱীয়ে দিন হাজিৰা কৰি পোহপাল দিয়া অবিনাশে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সকলো বিষয়তে লেটাৰ নম্বৰ লাভ কৰি ৮৮% ৰে ডিষ্টিংচন নম্বৰ লাভ কৰি উজ্বলিবলৈ সক্ষম হৈছে ৷ এটা জুপুৰিত সৈতে বহু কষ্টৰে জীৱন নিৰ্বাহ কৰি থকা ছাত্ৰ জনে অসমীয়াত ৮৬ নম্বৰ , ইংৰাজীত ৮২ নম্বৰ , গণিতত ৯৭ নম্বৰ , বিজ্ঞানত ৮৮  নম্বৰ , সমাজ বিজ্ঞানত ৮৪ নম্বৰ আৰু হিন্দীত ৮৯ নম্বৰ লাভ কৰি  জিলাখনৰ পিচপৰা  থানাখৰোৱা গাঁও খনলৈ গৌৰৱ কঢ়িয়াই আনিলে।

You might also like