বৰপেটাৰ মাজদিয়াত টাঙোনেৰে মৰিয়াই মাতৃক হত্যা নৰাধম পুত্ৰৰ
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ : ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ দ্বিতীয় দিনটোতেই বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত মাজদিয়া গাঁৱৰ বিলপাৰত সংঘটিত হ’ল এক জঘন্য ঘটনা। পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী বৃদ্ধা মাতৃয়ে। আজি পুৱা প্ৰায় ৫ মান বজাত সংঘটিত হৈছে এই জঘন্য ঘটনা। লোমহৰ্ষক হত্যাকাণ্ডটোৱে জোকাৰি গৈছে সমগ্ৰ অঞ্চল। ৬০ বছৰীয়া বৃদ্ধা মাতৃ ফুলবানুক নৰাধম, কুলাঙ্গাৰ পুত্ৰ চানমহম্মদ খানে প্ৰকাণ্ড এডাল বাঁহৰ টাঙোনেৰে কোবাই কোবাই হত্যা কৰাৰ অভিযোগ উঠিছে। পুৱা শুই থকা অৱস্থাতে বৃদ্ধা মাতৃগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে পুত্ৰ চানমহম্মদ খান (২৪)ৰ বিৰুদ্ধে। হত্যাকাণ্ডটোত অভিযুক্ত চানমহম্মদ খানক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ৰিমা কৌশিক উপস্থিত হয়। সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰ, মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত ডেকা, তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাসহ আৰক্ষীৰ এটি দল উপস্থিত হৈ কাৰ্যবাহী দণ্ডাধীশ ৰিমা কৌশিকৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে। কি কাৰণত নিজমাতৃক নিৰ্মমভাবে হত্যা কৰিলে কুলাঙ্গাৰ পুত্ৰ চানমহম্মদ খানে সেই কথা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। উল্লেখ্য যে হত্যাকাণ্ডটোত অভিযুক্ত পুত্ৰ চানমহম্মদ খান প্ৰায়ে নিচাসক্ত হৈ থাকে বুলি জানিব পৰা গৈছে। হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ পৰিয়াল তথা স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে।
প্ৰেৰক তফিকুৰ ৰহমান