নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেচমেকাৰ লগোৱা মাতৃক জনাব পৰা নাছিল ৰিতুলৰ অপহৰণৰ কথা

নিয়মীয়া বাৰ্তা,২১ এপ্ৰিল : আজি পুৱতি নিশা কোনো উগ্ৰপন্থী সংগঠনে অপহৰণ কৰা অ’ এন জি চিৰ তিনি কৰ্মচাৰীৰ ভিতৰত ৰিতুল শইকীয়াৰ ঘৰ হৈছে তিতাবৰ মহকুমাৰ বৰহোলাৰ নাঙল গাঁৱত। পুৱাতে অপহৰণৰ খবৰ পাই স্থানীয় লোকে ভিৰ কৰিছিল ৰিতুলৰ বাসগৃহৰ চৌহদত। দুখৰ কথা যে আবেলি পৰ্যন্ত কিন্তু ৰিতুলৰ বৃদ্ধ পিতৃ পোনা শইকীয়া আৰু মাতৃ মঞ্জু শইকীয়াক অপহৰণ বিষয়ে জানিবলৈ দিয়া হোৱা নাছিল। কিয়নো ৰিতুলৰ বৃদ্ধ মাতৃ হৈছে এগৰাকী হৃদৰোগী। পেচমেকাৰ স্থাপন কৰি ৰখা বৃদ্ধ মাতৃগৰাকীৰ অসুস্থতাৰ বাবেই অপহৰণৰ এই দুখবৰটো জনাবলৈ চিন্তিত হৈছিল ৰিতুলৰ ককাই-ভাই আৰু স্থানীয় লোকসকল।

ইফালে ৰিতুলৰ গাঁৱৰ ঘৰত আজি পুৱাৰ পৰা অনুষ্ঠিত হৈছিল নাম-প্ৰসংগ। এফালে সশস্ত্ৰ বাহিনীয়ে ৰিতুলক অপহৰণৰ আৰু আনফালে পিতৃ-মাতৃক জনাব নোৱাৰা এক জটিল পৰিস্থিতিৰ মাজত স্থানীয় লোকে নাম-প্ৰসংগ পৰিচালনা কৰিব লগা হয়। বৃদ্ধ পিতৃ -মাতৃয়ে আশা কৰিছিল যে নাম-প্ৰসংগত আজি ৰিতুল আহি উপস্থিত হ’ব। আবেলি ঘটনাটোৰ সন্দৰ্ভত পিতৃ-মাতৃৰ জ্ঞাত হোৱাৰ পিছতে শোকত ম্ৰিয়মান হৈ পৰে। ৰিতুলক সোনকালে সোঁ-শৰীৰে ঘূৰাই দিবলৈ অত্যন্ত দুখেৰে অনুৰোধ জনাইছে বৃদ্ধ পিতৃ-মাতৃয়ে।

You might also like