নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ শিক্ষাত মাতৃভাষা উপযুক্ত মাধ্যমঃ সাহিত্য সভাৰ জাতীয় আদর্শ শিক্ষা সংসদৰ ৱেবিনাৰত মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ   ৰাষ্ট্রীয় শিক্ষানীতি সন্দর্ভত আৰু অসম সাহিত্য সভাৰ জাতীয় আদর্শ সংসদৰ অধীনত ইতিমধ্যে আৰম্ভ হোৱা অসম আদর্শ বিদ্যালয়সমূহৰ ভৱিষ্যৎ পৰিকল্পনা প্রসংগত আলোচনা কৰিবলৈ কালি সন্ধিয়া ৭ বজাৰ পৰা ১০ বজালৈ এখন আন্তর্জাতিক ৱেবিনাৰ শিক্ষা সংসদৰ অধ্যক্ষ তথা অসম সাহিত্য সভাৰ সদ্য প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত হয়৷ অসম সাহিত্য সভাৰ ভগৱতী প্রসাদ বৰুৱা ভৱন পৰিসৰৰ প্রশান্ত বিশ্ব শর্মা স্মাৰক ভৱনত স্থাপিত জাতীয় শিক্ষা সংসদৰ কার্যালয়ৰ পৰা বৈদ্যুতিন মাধ্যমযোগে পৰিচালিত ৱেবিনাৰখনৰ উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰে সংসদৰ আহ্বায়ক তথা সঞ্চালক ৰাণা বশিষ্ঠই৷ সভাখনত সাহিত্য সভাৰ বিষয়ববীয়া, সংসদৰ সদস্যৰ উপৰি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ভালেকেইগৰাকী আমন্ত্রিত শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷ অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে মাতৃভাষাৰ জৰিয়তে শিক্ষাগ্রহণৰ প্রয়োজনীয়তা সম্পর্কে আৰু সদ্যঘোষিত ৰাষ্ট্রীয় শিক্ষানীতিৰ প্রাসংগিকতাৰে শুভেচ্ছামূলক বক্তব্য প্রদান কৰি ৱেবিনাৰখন উদ্বোধন কৰে৷ তেওঁ কয়, শিশুৰ শিক্ষাত মাতৃভাষাই উপযুক্ত মাধ্যম৷ অসম সাহিত্য সভাৰ জাতীয় আদর্শ শিক্ষা সংসদে সভাৰ বহুদিনীয়া পৰিকল্পনা এটিক সাকাৰ ৰূপ দিব পাৰিব বুলি আশা কৰিলোঁ আৰু সকলোকে ৱেবিনাৰযোগে শুভেচ্ছা জনালোঁ৷ অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা মানৱধ্বংসী ক’ৰোনা বিষাণুৰ ত্রাস আৰু প্রশাসনৰ নীতি–নির্দেশনাৰ প্রসংগ উত্থাপন কৰি অসম সাহিত্য সভায়ো সজাগ দৃষ্টিৰে সহযোগিতাৰ মনোভাবেৰে সাহিত্য সভাৰ বর্তমান কার্যকালৰ কাম–কাজবোৰ পৰিচালিত কৰিবলগীয়া হোৱাত কিছু সাৱধানতা অৱলম্বন কৰিব লগা হৈছে যদিও অত্যাধুনিক প্রযুক্তি কৌশলযোগে সভা–সমিতি আহ্বান কৰি সভাৰ গতিশীলতা অব্যাহত ৰাখিবলৈ প্রচেষ্টা কৰিছে বুলি কয় আৰু জাতীয় শিক্ষা সংসদৰ ৱেবিনাৰখনৰ সফল সমাপ্তি কামনা কৰে৷ শিক্ষা সংসদৰ উপাধ্যক্ষ ড০ জয়ন্ত বিশ্ব শর্মাই সুদূৰ ইংলেণ্ডৰ পৰা সভাখনত অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ বিশেষ উদ্যোগত গঠিত হোৱা জাতীয় আদর্শ শিক্ষা সংসদৰ লক্ষ্য, উদ্দেশ্য, শিক্ষা সংসদ গঠনৰ বুনিয়াদ, আন্তঃগাঁথনি, মাতৃভাষাত শিক্ষাৰ প্রয়োজনীয়তা, তাড়না বিশ্বৰ উন্নতমানৰ শিক্ষা পদ্ধতিৰ সমকক্ষ হোৱাকৈ ছাত্র–ছাত্রীসকলক শিক্ষাদান কৰা অসম সাহিত্য সভাৰ সামূহিক সপোন সাকাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষা সংসদে নিষ্ঠা, একাগ্রতা আৰু আন্তৰিকতাৰে প্রতিযোগিতাৰ মনোভাবৰ লগতে দক্ষ–কৌশলী প্রচেষ্টা হাতত লৈ সভাৰ বৈশিষ্ট্য আৰু গৰিমা অক্ষুণ্ণ ৰাখিবলৈ কর্মকর্তাসকললৈ আহ্বান জনায়৷ ৱেবিনাৰখনত প্রৱাসী ভাৰতীয় টেক্সাছ বিশ্ববিদ্যালয়ৰ গণিত বিশেষজ্ঞ ড০ ডম্বৰু ভট্ট, কেলিফ’র্নিয়াৰ পৰা ‘ছফ্টৱেৰ’ বিশেষজ্ঞ ভৱানী শর্মা, মুম্বাইৰ পৰা অসমীয়া কৃষি বিজ্ঞানী ড০ ৰূপম শর্মা, প্রফেছৰ ভাস্বতী পৰাশৰ, ড০ বর্ণালী দাস ভাৱসৰ, ইন্দ্রানী ঠাকুৰীয়া, যুতিকা মহন আদি মাতৃভূমিৰ প্রতি দায়বদ্ধ ব্যক্তিসকলে অসম সাহিত্য সভাৰ উদ্যোগত মাতৃভাষা আৰু অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপনৰ প্রচেষ্টাৰ প্রতি গঠনমূলক পৰামর্শ আগবঢ়াই অনাগত দিনত এনে মহৎ উদ্দেশ্য সাফল্যমণ্ডিত কৰিবলৈ সহায়–সহযোগ প্রদানৰ আশ্বাস দিয়ে৷ ৱেবিনাৰযোগে সভাত উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ ড০ ৰমেশ পাঠকে কয়, এটা জাতি জীয়াই থাকে ভাষাক কেন্দ্র কৰি, ভাষা এটা জীয়াই থাকে জাতীয় স্বাভিমানৰ ওপৰত৷ অসম সাহিত্য সভাই ইতিপূর্বে দাবী কৰি অহা প্রস্তাৱসমূহ সদ্যঘোষিত ৰাষ্ট্রীয় শিক্ষানীতিত অন্তর্ভুক্ত হোৱাত উৎসাহিত হোৱা বুলি কয়৷ তেওঁ অসম সাহিত্য সভাৰ অন্তর্গত প্রতিখন জিলা সভা, শাখা সভাৰ জৰিয়তে মাতৃভাষাৰ প্রচাৰ–প্রসাৰত গুৰুত্ব দি ৰাইজক সচেতন কৰিবলৈ সদৌটিলৈ আহ্বান জনায়৷ অসম সাহিত্য সভাৰ সদ্য প্রাক্তন প্রধান সম্পাদক তথা জাতীয় শিক্ষা সংসদৰ উপাধ্যক্ষ পদুম ৰাজখোৱা, প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক অৱনী মোহন চহৰীয়া, শিক্ষাবিদ ড০ বলেন্দ্র কুমাৰ দাস, ৰাজ্যভাষা আৰু মাতৃভাষা প্রয়োগ উপ–সমিতিৰ আহ্বায়ক প্রাক্তন প্রশাসনিক বিষয়া থানেশ্বৰ মালাকাৰ, কেন্দ্রীয় কার্যালয়ৰ সম্পাদক ৰমানন্দন বৰা, অসম সাহিত্য সভাৰ মুখপাত্র ড০ সঞ্জীৱ কুমাৰ শর্মা, পত্রিকা সম্পাদক ড০ উপেন্দ্রজিৎ শর্মা, ডাঃ গিৰীশ সন্দিকৈ, অসম সাহিত্য সভাৰ বিষয়ববীয়া, সদস্য তথা শুভাকাংক্ষী আদিত্য শইকীয়া, সঞ্জয় কুমাৰ তাঁতী, গণেশ নাথ, ধ্রুৱজ্যোতি শর্মা, আজাদ, অনুপ বৰঠাকুৰ, ড০ মালিনী, ড০ মলিনা দেৱী ৰাভা, মনালিছা বর্মন, নীলিমা শইকীয়া, অভিমন্যু তালুকদাৰ, ড০ মৰমী বৰঠাকুৰ, মাণিক নাথ, জ্ঞানজ্যোতি শর্মা, জগন্নাথ নাথ, সতৰাম কলিতা, জেউতি হাজৰিকা, স্বপ্ণা কলিতা, নিমাই দাস, বিষ্ণু ডেকা, প্রভাত দাস, ৰঘুনাথ কাগয়ুং আদি অনেক ব্যক্তিয়ে অসম সাহিত্য সভাৰ উদ্যোগত গঠিত জাতীয় আদর্শ শিক্ষা সংসদে হাতত লোৱা বিদ্যায়তনিক দীর্ঘম্যাদী আঁচনিখনৰ ওপৰত গঠনমূলক পৰামর্শ আগবঢ়ায়৷

You might also like