নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ পুঁজি ব্যয়ত ব্যর্থ কংগ্রেছ সাংসদ প্রদ্যুৎ–গৌৰৱ

নগাঁও–কলিয়াবৰত লাখ লাখ টকা ব্যৱহাৰ নহ’ল

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ সাংসদ এলেকা উন্নয়ন পুঁজিৰ লাখ লাখ টকা খৰচ কৰাত ব্যর্থ হৈছে নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদদ্বয়৷ নগাঁৱৰ জ্যেষ্ঠ পৰিকল্পনা বিষয়াৰ কার্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি, নগাঁও সংসদীয় সমষ্টিৰ সাংসদগৰাকীয়ে বিগত ২০১৭–২০১৮বর্ষত পাঁচ কোটি টকা, ২০১৮–২০১৯ বর্ষত পাঁচ কোটি টকা আৰু ২০১৯–২০২০বর্ষত আঢ়ৈ কোটি টকা লাভ কৰিছিল৷ কিন্তু ইয়াৰে ২০১৭–২০১৮বর্ষত ৪৭৮.১০৫ লাখ টকা, ২০১৮–২০১৯ বর্ষত ৪৬৫.৮২ লাখ টকা আৰু ২০১৯–২০২০ বর্ষত ৭২.০৫ লাখ টকাহে খৰচ কৰিবলৈ সক্ষম হয়৷ সাংসদগৰাকীয়ে ২০১৭–২০১৮ বর্ষত লাভ কৰা পাঁচ কোটি টকাৰ ২১.৮৯৫ লাখ টকা, ২০১৮–২০১৯ বর্ষত সাংসদ এলেকা উন্নয়ন পুঁজিৰ পাঁচ কোটি টকাৰ ৩৮.১৮ লাখ টকা আৰু ২০১৯–২০২০ বিত্তীয় বর্ষটোত লাভ কৰা আঢ়ৈ কোটি টকাৰ ১৭৭.৯৫ লাখ টকাই খৰচ কৰিবলৈ সক্ষম নহ’ল৷ স্মর্তব্য যে এই তিনিটা বিত্তীয় বর্ষৰ দুটা বর্ষত সাংসদ আছিল ৰাজেন গোহাঁই আৰু এটা বছৰৰ সাংসদ প্রদ্যুৎ বৰদলৈ৷ আনহাতে, কলিয়াবৰ সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়েও নগাঁও জিলাত তেওঁৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰ ধন সম্পূর্ণৰূপে খৰচ কৰাত ব্যর্থ হৈছে৷ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে নগাঁও জিলাৰ অন্তর্গত সমষ্টিটোৰ বিভিন্ন ঠাইত কেতবোৰ আঁচনি ৰূপায়ণৰ বাবে সাংসদ এলেকা উন্নয়ন পুঁজিৰ অধীনত ২০১৭–২০১৮বর্ষত আঢ়ৈ কোটি টকা লাভ কৰিছিল যদিও ইয়াৰে ২৪৪.৫৬ লাখ টকাহে খৰচ কৰিবলৈ সক্ষম হয়৷ অতি আশ্চর্যজনক কথাটো হ’ল, নগাঁও জিলা উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ তথ্য অনুসৰি, কলিয়াবৰৰ সাংসদজনে ২০১৮–২০১৯ বিত্তীয় বর্ষত সাংসদ এলেকা উন্নয়ন পুঁজিৰ এটকাও লাভ কৰা নাছিল৷ আনহাতে, ২০১৯–২০২০বর্ষত তেওঁ লাভ কৰা ১২৫.০০ লাখ টকাৰ পৰা ৭৬.০৮ লাখ টকাহে খৰচ কৰিবলৈ সক্ষম হয়৷

You might also like