👉ৰাহুল গান্ধীৰ ভ্ৰমণত বাধা প্ৰদানক লৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সংবাদ মেল
👉বটদ্ৰৱা থানৰ পৰা কোনো এজন ভকতে ৰাহুল গান্ধীলৈ ধৰ্মবস্ত্ৰ প্ৰেৰণ কৰা নাছিল
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ ৰাহুল গান্ধীৰ ভ্ৰমণক লৈ আজি বিয়লিৰ ভাগত বটদ্ৰৱা থানৰ কাৰ্যালয়ত শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত সমিতিয়ে উল্লেখ কৰে যে ৰাহুলৰ ভ্ৰমণক লৈ থান পৰিচালনা সমিতিলৈ দিয়া পত্ৰখনত কিমান মানুহ আহিব সেই বিষয়ে কোনো কথা লিখা নাছিল। অসম চৰকাৰৰ হেঁচাত পৰিচালনা সমিতিয়ে ৰাহুল গান্ধীৰ ভ্ৰমণত বাধা দিয়া নাই। অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সময়ত বিভিন্ন দল সংগঠনে গ্ৰহণ কৰা সাংস্কৃতিক কাৰ্যসূচী আৰু পুৱা দহ বজাৰ পৰা দুপৰীয়াৰ সময়ত বটদ্ৰৱা থানত তীৰ্থযাত্ৰীৰ যথেষ্ট সমাগম ঘটাৰ পৰিপ্ৰেক্ষিতত তিনি বজাৰ পিছত থান ভ্ৰমণৰ অনুৰোধ জনাইছিল। ৰাহুল গান্ধীয়ে প্ৰেৰণ কৰা গৌৰৱ গগৈ আৰু শিৱামণি বৰাৰ লগত মাত্ৰ চাৰিজন লোক আহোঁতেই বটদ্ৰৱা থানৰ সন্মুখত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। ৰাহুল গান্ধী অহা হ’লে হয়তো ভয়ানক পৰিৱেশ সৃষ্টি কৰিলে হয়। অসমৰ মুখ্যমন্ত্ৰীৰ হেঁচাত পৰিচালনা সমিতিয়ে ৰাহুলৰ ভ্ৰমণত বাধা দিয়াটো গোকাট মিছা কথা। বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সংবাদ মেলত কয় যে বটদ্ৰৱা থান সত্ৰত কোনো পুৰোহিত নাথাকে। থান সত্ৰত ভকত বৈষ্ণৱসকলহে থাকে। বটদ্ৰৱা থানৰ পৰা কোনো এজন ভকতে ৰাহুল গান্ধীলৈ ধৰ্মবস্ত্ৰ প্ৰেৰণ কৰা নাছিল। মিথ্যাচাৰৰ আশ্ৰয় লৈ গৌৰৱ গগৈয়ে আবোল-তাবোল বকিছে। পৰৱৰ্তী যিকোনো দিনত ৰাহুলে অকলশৰে আহি বটদ্ৰৱা থান দৰ্শন কৰি যাব পাৰিব বুলি পৰিচালনা সমিতিয়ে সংবাদ মেলত উল্লেখ কৰে। বটদ্ৰৱা থানলৈ ৰাহুলক নিমন্ত্ৰণ দিয়া বিষয়টো সম্পূৰ্ণ মিছা বাতৰি। বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক মিথ্যাচাৰী বুলিও কয় সংবাদ মেলত। সংবাদ মেলত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা, সাধাৰণ সম্পাদক অৰূপ কুমাৰ শইকীয়া, কোষাধ্যক্ষ তপন কুমাৰ দাস, কাৰ্যনিৰ্বাহক সদস্য কল্যাণ কলিতা, পদুম কলিতা, পংকজ বৰুৱা আৰু সুশীল খাউণ্ড প্ৰমুখ্যে সদস্যসকল উপস্থিত থাকে।
প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা