দ্বিতীয়বাৰ ক’ৰোনাত আক্ৰান্ত সাংসদ তপন কুমাৰ গগৈ
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ পুনৰ ক’ৰোনাত আক্ৰান্ত। আজি চাবুৱাত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী সভাত উপস্থিত থাকিবলগীয়া ব্যক্তিসকলৰ বাধ্যতামূলক আছিল ক’ভিড টেষ্ট। যাৰবাবে ক’ভিড টেষ্ট কৰোঁতে সাংসদ তপন কুমাৰ গগৈৰ দেহত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
উল্লেখ্য যে আজি পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ চাবুৱা সমষ্টিৰ জানমুখত অনুষ্ঠিতব্য ‘বিজয় সংকল্প সমাৱেশ’ শীর্ষক এখন বিশাল জনসমাৱেশ সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে উজনি অসমত বজাব নির্বাচনী ৰণডংকা৷
ইপিনে প্রধানমন্ত্রী মোদীৰ এই বিশাল গণসভাখনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, অগপ সভাপতি অতুল বৰাকে ধৰি দুয়োটা দলৰ শীর্ষ নেতৃবৃন্দ উপস্থিত থাকিব৷