নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ঋষি–মুনিয়ে দি থৈ যোৱাখিনি আমাৰ বাবে আশীর্বাদ

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ মঙলদৈ প্রেছ ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱৰ অংশ হিচাপে ২৩ ফেব্রুৱাৰীৰ পৰা চলি থকা বিশেষ কার্যসূচীত আজি অংশ লয় অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীয়ে৷ সাহিত্য বিষয়ক আলোচনাত সভাৰ সম্পাদক যাদৱ শর্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ ধনজিৎ ডেকা, মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, সাহিত্য সভাৰ আদর্শ বিদ্যালয় প্রকল্পৰ ৰাণা বশিষ্ঠ সমন্বিতে ভিন্নজনে ভাগ লয়৷ সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি ইদ্রিছ আলীয়ে সঞ্চালনা কৰা কার্যসূচীত ভাষণ দি উপ–সভানেত্রী মৃণালিনী দেৱীয়ে যুৱপ্রজন্মক সাহিত্য সাধনাত ব্রতী হ’বলৈ আহ্বান জনাই ঋষি অৰবিন্দৰ উদ্ধৃতিও দিয়ে৷ দৰং জিলা সম্পর্কত তত্ত্বগধুৰ ভাষণ দি তেওঁ কয়– ভাৰতীয় কলা–সংস্কৃতি বহু ঐতিহ্যমণ্ডিত আৰু ভাৰতৰ ঋষি, মুনিসকলে আমাৰ বাবে যি কৰি গ’ল, সেয়া আমাৰ বাবে আশীর্বাদ৷ সেয়ে ঋষি অৰবিন্দই কৈছিল– আমি অতীতক ভিত্তি কৰি বর্তমান, আমি সঠিকভাৱে ভৱিষ্যৎ গঢ় দিব লাগিব৷ উপ–সভানেত্রীগৰাকীয়্ মঙলদৈত ইতিপূর্বে কটাই যোৱা বহু স্মৃতি ৰোমন্থন কৰে৷ তেওঁ কয়– গ্রন্থাগাৰত পুথিসমূহ কেৱল সজাই থৈ গৌৰৱান্বিত হোৱাতকৈ অধ্যয়ন কৰি জ্ঞানৰ আলোকেৰে আলোকিত হৈ সমাজক সেই পোহৰ বিলাইহে গৌৰৱবোধ কৰিব লাগে৷

সাহিত্য সন্মিলনত বিশিষ্ট অতিথি হিচাপে ভাষণ দি লোকসাহিত্য আৰু লোকসংগীতৰ গুৰুত্বৰ ওপৰত মনোজ্ঞ আলোচনা আগবঢ়ায় সভাৰ জাতীয় আদর্শ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠই৷ এই অনুষ্ঠানতে দৰঙী সন্তান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ ধনজিৎ ডেকা, আন্তর্জাতিক ভূগোল সংস্থাৰ কর্ণধাৰ সমিতিৰ সদস্য পদ লাভ কৰি দৰঙলৈ সন্মান কঢ়িয়াই অনা বাবে উদ্যোক্তাসকলে তেওঁক উষ্ম সম্বর্ধনা জ্ঞাপন কৰে৷ এই অনুষ্ঠানতে ক্রীডা সংগঠক, সাংবাদিক মোবাৰক হুছেইনৰ গ্রন্থ ‘ফুটবলৰ ৰাজপুত্র মাৰাডোনা’ উন্মোচন কৰে অধ্যাপক ইদ্রিছ আলীয়ে৷ হৰিচন্দ্র শর্মাৰ গ্রন্থ ‘বিচিত্র ধাৰা’ উন্মোচন কৰে যাদৱ চন্দ্র শর্মাই৷ সভাৰ শেষৰফালে ব্যস্ততাৰ মাজতো মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই উপস্থিত হৈ সুন্দৰ ভাষণ দিয়ে৷ তেওঁ মঙলদৈ প্রেছ ক্লাব, পুথি প্রকাশন সংস্থা তথা সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰি কয়– ‘ভাৰতীয় সংস্কৃত ভাষা আৰু সাহিত্যৰ ভিত্তিত যি সংস্কাৰ গঢ় লৈ উঠিছে, সেয়া মিঞা অথবা বিজতৰীয়া সংস্কৃতিৰ বহু ঊর্ধ্বত৷ গতিকে মই আহ্বান জনাওঁ– কোনেও যাতে মিঞা সংস্কৃতিৰ পোষকতা নকৰে৷’ উল্লেখ্য যে মঙলদৈ গ্রন্থমেলা আজি তৃতীয় দিনাও উদুলি–মুদুলি হৈ পৰে৷ গ্রন্থ প্রদর্শনীৰ সমান্তৰালভাৱে গ্রন্থমেলা বাকৰিত চলি থকা সাহিত্য–সাংস্কৃতিক বিচিত্রানুষ্ঠানৰ অংশ হিচাপে আজি দৰঙী কলাকৃষ্টিৰ অনবদ্য উপাদান চিয়া গীতৰ প্রতিযোগিতাৰে দিনটোৰ কার্যসূচী আৰম্ভ হয়৷ প্রতিযোগিতাত প্রথম ত্রিশানজ্যোতি বডা, দ্বিতীয় হীৰামণি বৰুৱা, তৃতীয় (যুটীয়াভাৱে) নৱস্মিতা ডেকা আৰু প্রীতিশ্রী নাথে বঁটা লাভ কৰে৷

You might also like