নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্তিকা মৌলৈ শ্ল’ৱান ফাউণ্ডেচন বঁটা

নিয়মীয়া বাৰ্তা ৫ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা আতংকময় পৰিৱেশৰ মাজতে সাত সাগৰ তেৰ নদীৰ সিপাৰে উজলি উঠিছে এগৰাকী অসম জীয়ৰীৰ সন্তান৷ নাম মৃত্তিকা মৌ ছাৰিন৷ মৃত্তিকাই লিখা ‘স্ক্রেচ’ শীর্ষক ক্রাইম থ্রীলাৰ ছবিখনৰ চিত্রনাট্যৰ বাবে নিউয়র্কৰ ট্রাইবেকাত শ্ল’ৱান ফাউণ্ডেচন এৱার্ড– ২০২০ লাভ কৰিছে৷ উল্লেখ্য যে মৃত্তিকা মৌ ছাৰিন হ’ল লছ এঞ্জেলছত থকা ইউ চি এল এ স্কুল অৱ থিয়েটাৰ, ফিল্ম এণ্ড টেলিভিছনৰ এম এফ এৰ ছাত্রী৷ ট্রাইবেকা ফিল্ম ইনষ্টিটিউট আৰু অলফ্রেড পি শ্ল’ৱান ফাউণ্ডেচনে ২০২০ চনৰ শ্ল’ৱান ষ্টুডেণ্ট গ্রেণ্ড জুৰী প্রাইজ আৰু শ্ল’ৱান ষ্টুডেণ্ট ডিছক’ভাৰী এৱার্ডছত মৃত্তিকাই লিখা উক্ত চিত্রনাট্যৰ বাবে গ্রেণ্ড জুৰী প্রাইজ লাভ কৰে৷ এই বঁটাত আছে ১৫,০০০ মার্কিন ডলাৰ৷ উল্লেখ্য যে মৃত্তিকা হ’ল গুৰগ্রাম নিৱাসী সঞ্জয় ছাৰিন আৰু এনিশা ছাৰিন হাজৰিকাৰ কন্যা আৰু ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত অসমীয়া চলচ্চিত্র নির্মাতা, নাট্যকাৰ তথা অভিনেতা সঞ্জীৱ হাজৰিকাৰ ভতিজা৷

You might also like