অসমীয়া জাতি আজি জটিল সন্ধিক্ষণত উপনীত হৈছেঃ মৰিয়নিত ছাত্ৰ সন্থাৰ মুকলি বিহু
বিশেষ বাৰ্তা, ১৮ এপ্ৰিলঃ ‘অসমীয়া জাতি আজি জটিল সন্ধিক্ষণত উপনীত হৈছেহি । বহিৰাগতৰ হেঁচাই অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতি ভাবুকি নমাই আনিছে । অসমীয়াৰ মুখৰ ভাষা কাঢ়ি নিবলৈও চেষ্টা চলাইছে । এনে জটিল সময়ত প্ৰতিজন অসমীয়া সজাগ হ’ব লাগিব । অসমক চিৰদিনৰ বাবে অসমীয়াৰ কৰি ৰাখিব পাৰিব লাগিব ।’ মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা মুকলি বিহু অনুষ্ঠানত বিহুৰ বাকৰি উদ্বোধন কৰি এইদৰে কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক জুল খাউণ্ডে । তেওঁ লগতে গছ তলৰ বিহু কিদৰে বিৱৰ্তন হৈ আজি মঞ্চ পালেহি তাৰ ওপৰতো বিস্তৃতভাৱে উল্লেখ কৰে । ছাত্ৰ সন্থাই বিহু উদযাপনৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি সদ্ভাৱ জগোৱাৰ প্ৰয়াস চলোৱা বুলিও তেওঁ লগতে উল্লেখ কৰে । ইয়াৰ পিছতেই ছাত্ৰ সন্থাই অসমীয়া লোক সংস্কৃতিলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনায় । প্ৰবীন বিহুৱা অশীতিপৰ ভদ্ৰ বৰা, ১৪ বিধ লোকবাদ্যৰ বাদক টুপিধৰ গগৈ, চাউৰা সংস্কৃতিৰ নিৰৱ সাধিকা ৰৈবাৰী চাউৰা, প্ৰবীন পেঁপাবাদক – বিহুৱা নৰেন গগৈ আৰু একালৰ বিহুৱা দূৰ্গেশ্বৰ গগৈক গামোচা, চেলেং চাদৰ, সঁফুৰা, প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয় । আনহাতে, প্ৰাক্তন ছাত্ৰ নেতা- মৰিয়নি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ধীৰেন্দ্ৰ নাথ দত্ত, প্ৰাক্তন ছাত্ৰ নেতা – কৃতী শিক্ষক মনোজ কুমাৰ শৰ্মা, শিল্পী মইনুল ইছ্লাম, বাস্তৱ গগৈ, প্ৰাক্তন আছু নেতা- জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, প্ৰাক্তন ছাত্ৰ নেতাদ্বয় দ্বীপেন দাস, দিলীপ চাহু, আটছা নেতা দীপক তাঁতী, যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতিৰ সম্পাদক ৰঞ্জিত গগৈ, চুতীয়া ছাত্ৰ সন্থা মৰিয়নি আঞ্চলিক সমিতিৰ সম্পাদক বিদ্যুৎ হাজৰিকা, বীৰ লাচিত সেনা মৰিয়নিৰ সভাপতি পংকজ বুঢ়াগোঁহাই, জ্যেষ্ঠ সংবাদকৰ্মী ৰমেশ আগৰৱালা, দীপক দত্ত ( জোন ), মৰিয়নি পৌৰসভাৰ উপ-পৌৰপতি তথা মৰিয়নি ব্যৱসায়ী সন্থাৰ সম্পাদক প্ৰদীপ দাস, মৰিয়নি দৈনিক বজাৰ সমিতিৰ সম্পাদক কাৰ্তিক কৰ্মকাৰ, শিক্ষক চহন কানু, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অম্লান জ্যোতি ভৰালী, অৰ্জুনমনি ভূঞা, চন্দন বৰা, অমিত ঢলুৱা, যুৱ সমাজকৰ্মী ৰমেন চেতিয়া, প্ৰদীপ দত্ত, ক্ৰীড়া সংগঠক পিকলু ৰয়, শিক্ষাবিদ নেকিবুল ইছলাম, সমাজকৰ্মী- মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱা, লোককৃষ্টিৰ সাধনা চলাই থকা বন্দনা গগৈ, ৰুবী পাণ্ডে গগৈ, সমৰ কলাবিদ খোকন দে, মৰিয়নিৰ সামাজিক – সাংস্কৃতিক অনুষ্ঠান কিংশুকৰ প্ৰতিষ্ঠাপক সভাপতি নিৰেন বৰঠাকুৰ আদিক চেলেং চাদৰ, গামোচাৰে ব’হাগ বিহুৰ ওলগ জনোৱাৰ লগতে ছাত্ৰ কৰ্মীসকলে জ্যেষ্ঠজনৰ আশীৰ্বাদ লয় । ইয়াৰ পূৰ্বে মুকলি বিহুৰ পতাকা উত্তোলন কৰে সভাপতি ইস্মাইল তাঁতী আৰু বিহুৱা উত্তোলন কৰে উপদেষ্টা সৌৰভ কলিতাই । সম্পাদক বিবেক সাহাই শ্বহীদ তৰ্পন কৰে । আনহাতে, খেৰেমীয়াৰ লুইতপৰীয়া চেমেনীয়া বিহু দলে বিহু প্ৰদৰ্শন মুকলি কৰাৰ পিছত মৰিয়নিৰ জাংফাই বিহু দল, যোৰহাটৰ সপ্তক সমন্বয় গোষ্ঠীৰ বিহু দল, তিতাবৰৰ পাৰিজাত বিহু হুঁচৰি দল আদিয়ে বিহু পৰিবেশন কৰি ৰাইজক আমোদ দিয়ে । তাৰোপৰি মৰিয়নিৰ ৰাংঢালী শিল্পী সমাজৰ জেং বিহু আৰু নামৰূপীয়া চাউৰা বস্তিৰ শিল্পীসকলে পৰিবেশন কৰা চাউৰা নৃত্যই অনুষ্ঠানটোক সুকীয়া মাত্ৰা প্ৰদান কৰে । দিব্যজ্যোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত ডিমৌৰ ৰামধেনু অসম সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰা অসমৰ লোক সংস্কৃতিৰ ওপৰত আধাৰিত বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্য্যসূচী আৰু গিৱন কুশীলৱ নাট্যগোষ্ঠীয়ে পৰিবেশন কৰা প্ৰয়াত ড° জিন্টু হাজৰিকাৰ ‘যোদ্ধা- দি ফাইটাৰ’ নামৰ চুটি নাটখনিয়ে ৰাইজক আপ্লুত কৰে । তাৰোপৰি ৰিদম মিউজিকেল গ্ৰুপৰ শিল্পী মনদ্বীপ মাজুলী, লক্ষী শৰ্মা, প্ৰিয়াংকী হাজৰিকা, প্ৰস্তুতি হাজৰিকা, সাগৰিকা ডেকা, তপন চক্ৰৱৰ্তী, অৱন বুঢ়াগোঁহাই, যুগ যুগান্তৰ আদিয়ে পৰিবেশন কৰা সংগীতৰ অনুষ্ঠানে ৰাইজক মুগ্ধ কৰে । উল্লেখযোগ্য যে, মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি বিহু অনুষ্ঠান মুকলি খেলপথাৰত অনুষ্ঠিত কৰি আহিছে যদিও এইবাৰ প্ৰতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত মুকলি খেলপথাৰৰ পৰিৱৰ্তে মৰিয়নিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় । চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ যোৰহাট জিলা সমিতিৰ সম্পাদক দীনেশ গঞ্জু , মৰিয়নি মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ক্ষীৰোদ ডেকা, বিশিষ্ট কবি প্ৰণৱ গগৈ, গিৱন কুশীলৱ নাট্যগোষ্ঠীৰ সভাপতি নয়নমনি গগৈ আদি উপস্থিত থকা মুকলি বিহুৰ মঞ্চত সম্বৰ্ধিত ব্যক্তি ভদ্ৰ বৰা, প্ৰাক্তন ছাত্ৰ নেতা কৃতী শিক্ষক মনোজ কুমাৰ শৰ্মা, শিক্ষাবিদ নেকিবুৰ ইছলাম আদিয়ে বক্তব্য প্ৰদান কৰি ছাত্ৰ সন্থাৰ এনে কাৰ্য্যৰ শলাগ লোৱাৰ লগতে বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি মন্তব্য কৰে । এই বিহু উদযাপনে অসমীয়াই নহয় সকলোৰে মাজত সম্প্ৰীতিৰ ভাৱ সৃষ্টি কৰে বুলিও মন্তব্য কৰে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া