গুৱাহাটী বিশ্ববিঃত স্নাতকোত্তৰ শ্রেণীত একাধিকবাৰ নামভর্তিৰ সুযোগ
নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ গুৱাহাটী বিশ্ববিদ্যালয়ত এই বর্ষৰ পৰা গ্রাহ্য হ’ব স্নাতকোত্তৰ ডিগ্রীত একাধিকবাৰ নামভর্তি৷ চলিত বর্ষৰ নামভর্তিৰ নিয়মাৱলীত পূর্বে আন বিষয়ত স্নাতকোত্তৰ ডিগ্রী থকা অথবা আন বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রম আধাতে সামৰা ছাত্র–ছাত্রীৰ আবেদনো নামভর্তিৰ বাবে গ্রাহ্য হ’ব বুলি প্রকাশ পোৱাৰ পিছতেই আদৰণি জনাইছে সদৌ অসম ছাত্র সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় গোটে৷
উল্লেখ্য যে প্রায় চাৰি বছৰ পূর্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচার্য ড০ মৃদুল হাজৰিকাৰ পৰামর্শ মতে নামভর্তি সমিতিয়ে বন্ধ কৰি দিছিল একাধিকবাৰ স্নাতকোত্তৰ ডিগ্রী লাভৰ সুবিধা৷ প্রত্যক্ষভাৱে বন্ধ কৰাৰ সৎ সাহস নথকাত পৰোক্ষভাৱে ঘোষণা কৰিলে যে বিভাগত আসন খালী ৰৈ গ’লেহে পূর্বতে স্নাতকোত্তৰ ডিগ্রী থকা শিক্ষার্থীয়ে নামভর্তিৰ সুযোগ পাব৷ কিন্তু তিনি শতাধিক মহাবিদ্যালয়ক স্বীকৃতি দি থোৱা বিশ্ববিদ্যালয় এখনৰ একোটা বিভাগত গড় আসন প্রায় পঞ্চাশখন মানহে৷ গতিকে, আসন যে খালী ৰৈ নাযায়, সেই কথা স্পষ্ট৷
সেই সময়ৰ কর্তৃপক্ষৰ এই শিক্ষার্থীবিৰোধী নীতি অনুসৰি ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী এজন ছাত্রই যদি এলএলবি পঢ়ে, তেন্তে তেওঁ তাৰ পিছত এলএলএম কৰিব নোৱাৰিব৷ কাৰণ দুটা স্নাতকোত্তৰ ডিগ্রী হৈ যাব৷ সেইদৰে এমকম ডিগ্রীধাৰী ছাত্রজনে এমবিএ কৰিব বিচাৰিলে বাধা দিয়া হ’ব৷ ছাত্র সন্থাই এই নীতি ছাত্র–ছাত্রীৰ শিক্ষাৰ অধিকাৰৰ ওপৰত কুঠাৰাঘাত হিচাপে অভিহিত কৰি আহিছিল৷ আৰম্ভণিৰে পৰাই ছাত্র সন্থাই এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই আহিছিল যদিও তদানীন্তন কর্তৃপক্ষই একমাত্র ছাত্র ৰাজনীতি আৰু ছাত্র কণ্ঠক মষিমূৰ কৰাৰ স্বার্থতেই এই সিদ্ধান্ত জোৰ কৰি জাপি দিছিল৷ একাধিকবাৰ উপাচার্য, পঞ্জীয়ক পদত অধিষ্ঠিত হ’বলৈ বিচৰা লোকসকলে একেজন শিক্ষার্থীয়ে একাধিক ডিগ্রী ল’ব নোৱাৰে বুলি লোৱা সিদ্ধান্ত কেৱল শৈক্ষিক অধিকাৰৰ পৰিপন্থীয়েই নাছিল, কর্তৃপক্ষৰ স্বেচ্ছাচাৰী আচৰণৰো প্রতিফলন ঘটাইছিল বুলি চর্চা চলিছিল৷
শেহতীয়াকৈ ২৬ জুলাইত ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ উপ–সভাপতি উৎপল শর্মা, শিক্ষা সম্পাদক ভৱজ্যোতি বেজবৰুৱা, কেন্দ্রীয় কার্যনির্বাহক সদস্য নয়নজ্যোতি গগৈ সমন্বিতে আছুৰ প্রতিনিধি দল এটাই বিশ্ববিদ্যালয়ৰ উপাচার্য প্রফেছৰ প্রতাপজ্যোতি সন্দিকৈ, পঞ্জীয়ক ড০ হেমন্ত নাথ আৰু শ্রেণীসমূহৰ সচিব ড০ দিলীপ বৰাৰ সৈতে আলোচনাত মিলিত হৈ পূর্বৰ কর্তৃপক্ষই লোৱা এই শিক্ষাবিৰোধী নীতি প্রত্যাহাৰ কৰিবলৈ আহ্বান জনায়৷ উপাচার্যগৰাকীয়ে বিষয়টো সন্দর্ভত যুক্তিপূর্ণ সদিচ্ছা প্রদর্শন কৰি নামভর্তি সমিতিত ইতিবাচকভাৱে বিবেচনাৰ আশ্বাস দিছিল৷ এতিয়া নামভর্তিৰ নিয়মাৱলীত বিষয়টোৱে ঠাই পোৱাত ছাত্র সন্থাই আদৰণি জনাইছে৷
গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি–ভাঃসাধাৰণ সম্পাদক জুহি বায়ন–জ্যোতিবিকাশ নাথ আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ সভাপতি–সাধাৰণ সম্পাদক নীহাৰজ্যোতি দলে–ধ্রুৱজ্যোতি বডোৱে এক বিবৃতিযোগে কয় যে এয়া এক ঐতিহাসিক ভুলৰ সময়োচিত শুধৰণি৷ পূর্বৰ উপাচার্যগৰাকীৰ সৃষ্ট এই অশুভ, অহেতুক আৰু অযুগসাপেক্ষ পৰম্পৰাই যোৱা চাৰি–পাঁচবছৰে অনেক ছাত্র–ছাত্রীক উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰিলে৷ বর্তমানৰ উপাচার্য প্রফেছৰ প্রতাপজ্যোতি সন্দিকৈয়ে লোৱা পদক্ষেপৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষ ধন্যবাদৰ পাত্র৷ এজন শিক্ষার্থীক উচ্চ শিক্ষাৰ সুবৃহৎ পৰিসৰত ইচ্ছা অনুযায়ী জ্ঞান আহৰণ কৰিবলৈ দিয়াটোহে বিশ্ববিদ্যালয় এখনৰ শৈক্ষিক নীতি হোৱা উচিত৷ ছাত্র সন্থাই ভৱিষ্যতেও এই নীতি বাহাল থকাটো বিচাৰে৷