নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিশপ্ত নাৰীৰ কান্দোনে কঁপোৱা শিলাময় গুহাটো

তপন কটকী, পুৰণিগুদামঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনৰ কন্দলী বাদুলী খোৰোঙত কাইলৈৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ঐতিহাসিক বাদুলী খোৰোং মেলা। প্ৰচলিত  জনশ্ৰুতি অনুসৰি প্ৰাক শংকৰী যুগত বৰ্তমান কন্দলীৰ বাদুলী খোৰোং থকা স্থানত এখন নাৰী ৰাজ্য আছিল। এই নাৰী ৰাজ্যত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণ ৰূপে নিষিদ্ধ আছিল। এবাৰ এজন ঋষিয়ে নিজৰ মনৰ কৌতুহল দমাব নোৱাৰি নাৰী ৰাজ্যখন কেনেকুৱা সেইটো চাবলৈ নাৰীৰ ভেশ ধৰি নাৰী ৰাজ্যত প্ৰৱেশ কৰিছিল।
এই কথা নাৰী ৰাজ্যৰ চোৰাংচোৱাই গ’ম পাই ঋষিক শাস্তি দিবৰ বাবে নাৰী ৰাজ্যৰ গুহাৰ শিলত ওলোমাই থৈছিল। ইয়াতে ঋষি খঙত অগ্নি শৰ্মা হৈ পৰে আৰু নাৰী ৰাজ্যৰ ৰাণী প্ৰমীলা আৰু আন সকলোকে বাদুলী হৈ শিলত ওলমি থাকিব বুলি অভিশাপ দিছিল। ৰাণী প্ৰমিলাই ঋষিৰ অভিশাপৰ পৰা মুক্তি পাবলৈ ঋষিক বহু অনুৰোধ কৰিছিল যদিও ঋষিয়ে তেওঁৰ অভিশাপৰ পৰা নাৰী সকলক মুক্ত নকৰিলে। তেতিয়াৰে পৰা এই বাদুলী খোৰোঙত হাজাৰ হাজাৰ বাদুলীয়ে বাস কৰি আহিছে বুলি স্থানীয় লোক সকলে আজিও বিশ্বাস কৰি চলিছে। ইফালে এই বাদুলীবোৰৰ চিঞৰ-বাখৰক বহু লোকে অভিশপ্ত নাৰীৰ কান্দোন বুলি ক’ব খোজে।
এই বাদুলী খোৰোঙত স্থানীয় লোকসকলে শিৱৰাত্ৰিৰ এদিন পিছৰ পৰা তিনিদিনীয়াকৈ মেলা অনুষ্ঠিত কৰি আহিছে। এই মেলা কেইদিনত বাদুলী খোৰোঙত চাকি-বন্তি জ্বলালে পূণ্য লাভ হয় বুলি প্ৰচলিত খবৰৰ বাবে মেলাৰ কেইদিনত বাদুলী খোৰোং চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ সমাগম হয়। ইফালে, এই কেইদিনতে বহুলোকে বাদুলী খোৰোঙত সোমাই কিছু অংশ চাব পাৰে যদিও বাকী অংশ অন্ধকাৰ হোৱা হেতুকে চাব পৰা নাযায়। এই বাদুলী থকা গুহাটো কিমান গভীৰ সেইটো সোমাই যাব নোৱাৰা বাবে জানিব পৰা নাযায়।
ইফালে মেলা কেইদিনতহে স্থানীয় লোকৰ প্ৰচেষ্টাত খোৰোঙৰ কিছু অংশ চাবলৈ ৰাইজৰ ভাগ্য হয় যদিও পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই বাদুলী খোৰোঙটো উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে অকল মেলাৰ কেইদিনতেই নহয় বছৰৰ বাৰ মাহেই বাদুলী খোৰোঙৰ বিষয়ে জানিবলৈ বা চাবলৈ পৰ্যটক বা প্ৰকৃতিপ্ৰমীৰ সুবিধা হ’ব।
You might also like