গণ সুৰক্ষা পার্টী নিজিকিলে ৰাজনীতি এৰিব নৱ শৰণীয়াই
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ বিটিচিত এইবাৰ গণ সুৰক্ষা পার্টীয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলে ৰাজনীতি ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই৷ পৰিষদীয় নির্বাচনক কেন্দ্র কৰি বড়োভূমিৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কালি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত সাংসদ শৰণীয়াই কেতবোৰ বিস্ফোৰক মন্তব্য কৰে৷
তেওঁ অতি স্পষ্টভাৱে কয়– ‘৩০ প্লাছ আসন লৈ আমি নির্বাচন জিকাৰ আমাৰ যিটো দাবী আছিল, সেই কথাটোত আজিও দৃঢ় হৈ আছোঁ৷ বহুতে সোধে, যদিহে আমি বিটিচিত এইবাৰ চৰকাৰ বনাব নোৱাৰোঁ, তেন্তে কি কৰিম? কি নকৰিম? আমাৰ এটাই কথা, নৱ কুমাৰ শৰণীয়াই ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব৷ যদি পৰিষদীয় নির্বাচন জিকিব নোৱাৰোঁ, তাৰ সমস্ত দায়িত্ব মই ল’ম৷ ৰাজনৈতিকভাৱে সন্ন্যাস গ্রহণ কৰিম৷ হয় যুঁজিম– জিকিম, নহ’লে মৰিম৷ যুঁজিম–জিকিম–বাচি৷ অন্যথা মৃত্যু অনিবার্য৷’
সাংসদ শৰণীয়াই একে সময়তে বি পি এফ, ইউ পি পি এল, কংগ্রেছ, এ আই ইউ ডি এফ আৰু বিজেপিৰ সমালোচনাত সৰৱ হৈ পৰে৷ তেওঁ দাবী কৰা মতে, বি টি এ ডিত আজিৰ পৰিস্থিতিত ইউ পি পি এল বহু তললৈ নামি গৈছে৷ দলটোৰ প্রার্থীয়ে এখন বা দুখন হয়তো প্রতিদ্বন্দ্বিতালৈ আহিব পাৰে৷ একেদৰে বিজেপিয়ে গণ সুৰক্ষা পার্টীৰ কিছু ক্ষতি কৰিছে যদিও নির্বাচনত এখনো আসন লাভ নকৰে৷
কংগ্রেছ, এ আই ইউ ডি এফ আৰু বিজেপিয়ে এইবাৰ বি টি এ ডিত এটা নহয়, দুই–তিনিটাকৈ শূন্য পাব বলি উল্লেখ কৰি কয় যে ভিন্ন জতি–জনগোষ্ঠীৰ সমস্যাবোৰ যাতে সমাধান কৰিব পৰা যায়, তাৰ বাবেহে গণ সুৰক্ষা পার্টী গঠন কৰা হৈছিল৷
বি পি এফৰ শাসনকালত বিটিচিত ব্যাপক হাৰত দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ দোহাৰি হাগ্রামা মহিলাৰী, চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম, প্রমোদ বড়ো আদি যেতিয়ালৈকে ক্ষমতাত থাকিব, তেতিয়ালৈকে কোচ ৰাজবংশীৰ জনজাতিকৰণ সম্ভৱ নহয় বুলিও মন্তব্য কৰে সাংসদ শৰণীয়াই৷ উল্লেখ্য যে সংবাদ মেলখনত গণ সুৰক্ষা পার্টীৰ নেতৃবৃন্দও উপস্থিত আছিল৷