নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নবীন সিংহালৰ ডায়েৰীত ৰাজনীতিক–সাংবাদিক্ আৰক্ষী–আমোলাৰ নাম

কয়লা মাফিয়াৰ বাসগৃহ–ব্যৱসায়িক প্রতিষ্ঠানত আয়কৰৰ শেনচকু

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ অৰুণাচলৰ খাৰচাঙৰ কয়লাক লৈ বৃহৎ ছিণ্ডিকেট চলোৱা কয়লা ব্যৱসায়ী নবীন সিংহালৰ মহানগৰীৰ মাণিক নগৰত থকা ছিলভাৰ অ’ক এপার্টমেণ্টৰ ফ্লেটৰ পৰা আয়কৰ বিভাগে জব্দ কৰা ডায়েৰীখনক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিশেষকৈ নবীন সিংহালৰ নেতৃত্বত চলি থকা কয়লা ছিণ্ডিকেট চক্রটোৰ কেলেংকাৰিৰ তথ্য এই ডায়েৰীখনৰ জৰিয়তে পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ এই ডায়েৰীখনত ৰাজ্যৰ কেইবাজনো ৰাজনীতিক, শীর্ষ আৰক্ষী বিষয়া, আমোলা, সাংবাদিক, সংবাদ প্রতিষ্ঠানৰ স্বত্বাধিকাৰীলৈ বহু বাঘা বাঘা লোকৰ নাম উল্লেখ আছে৷

বিশেষ সূত্রে জানিব পৰা মতে, নবীন সিংহালৰ ঘৰত জব্দ কৰা ডায়েৰীখনত শাসকীয় দলৰ তিনিজন মন্ত্রীৰ লগতে তদানীন্তন কংগ্রেছ চৰকাৰৰো কেইবাজনো মন্ত্রী–বিধায়কৰ নাম আছে৷ খাৰচাঙৰ কয়লা ক্ষেত্র অবৈধভাৱে নিজৰ আয়ত্তলৈ আনি তথা আয়কৰ ফাঁকি দি বহিঃৰাজ্যলৈ কয়লা সৰবৰাহৰ জৰিয়তে কোটি কোটি টকা আহৰণ কৰি আহিছে বিতর্কিত নবীন সিংহালে৷ ডায়েৰীখনত নাম উল্লেখ থকা লোকসকলক ধনৰ বিনিময়ত ‘মেনেজ’ কৰি ক’লা হীৰাৰ ক’লা ব্যৱসায় চলাই অহাৰ অভিযোগ আছে বিতর্কিত ব্যৱসায়ীজনৰ বিৰুদ্ধে৷ আয়কৰ বিভাগে এই ডায়েৰীখন জব্দ কৰাৰ পাছত ইয়াৰ জৰিয়তে আয়কৰ তথা জিএছটি ফাঁকি দি কয়লা ব্যৱসায়ৰ পৰা কোটি কোটি টকা আহৰণ কৰাৰ তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷ উল্লেখ্য যে কালি আয়কৰ বিভাগে দ্বিতীয়বাৰ তালাচী চলাই কুখ্যাত কয়লা ব্যৱসায়ীজনৰ বাসগৃহৰ পৰা ডায়েৰীখন জব্দ কৰাৰ পাছতে আয়কৰ ফাঁকি সংক্রান্তীয় পর্যাপ্ত সমল লাভ কৰা বুলি বিভাগটোৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল৷

উল্লেখ্য যে নবীন সিংহালে ডিগবৈৰ কয়লা মাফিয়া সত্য নাৰায়ণ আগৰৱালাৰ লগ লাগি অৰুণাচলৰ কয়লা ক্ষেত্র অবৈধভাৱে নিজৰ আয়ত্তলৈ আনি বিগত বছৰটোত ছিণ্ডিকেট চক্রৰ জৰিয়তে কোটি কোটি টকা ঘটিছে৷ অৰুণাচলৰ এজন প্রভাৱশালী ৰাজনীতিকৰ সৈতে থকা ঘনিষ্ঠ সম্পর্কৰ সুবাদত নবীন সিংহাল এণ্ড কোম্পানীয়ে কয়লা সৰবৰাহৰ সময়ত জিএছটি ফাঁকি দি অহাৰ ফলত চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে৷ উল্লেখ্য যে নবীন সিংহালৰ ঘনিষ্ঠ ব্যৱসায়ী সত্য নাৰায়ণ আগৰৱালাৰ ডিগবৈৰ ঘৰত শনিবাৰে পুৱতিনিশা পর্যন্ত তালাচী চলাই আয়কৰ বিভাগে উদ্ধাৰ কৰিছিল নগদ ৩.৪০ কোটি টকা আৰু বৃহৎ পৰিমাণৰ সোণ৷ আনহাতে, একেদিনাই অর্থাৎ শুকুৰবাৰে গুৱাহাটীতো নবীন সিংহালৰ মহানগৰীৰ মাণিক নগৰত থকা ছিলভাৰ অ’ক এপার্টমেণ্টত থকা ফ্লেট আৰু বেলতলাৰ ইউনিক প্লাজাত থকা মহালক্ষ্মী গ্রুপ নামৰ ব্যৱসায়িক প্রতিষ্ঠানত তালাচী চলাই জিএছটি ফাঁকি দিয়া সংক্রান্তীয় বহু পৰিমাণৰ নথি–পত্রৰ ফাইল জব্দ কৰিছিল৷

লক্ষণীয়ভাৱে আয়কৰ বিভাগৰ দলে শুকুৰবাৰে তালাচী চলোৱাৰ সময়ত নবীন সিংহাল পত্নীৰ সৈতে দিল্লীত আছিল৷ কিন্তু আয়কৰ বিভাগৰ বিষয়াই জৰুৰীভাৱে গুৱাহাটীত উপস্থিত হ’বলৈ কঠোৰ নির্দেশনা দিয়াত শনিবাৰে পুৱাৰ ভাগতে দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হয় বিতর্কিত ব্যৱসায়ীজন৷ গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে নবীন সিংহালক লগত লৈ ব্যৱসায়ীজনৰ বাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানত কালি কেইবাঘণ্টা ধৰি তালাচী চলায়৷ তালাচীৰ সময়ত আয়কৰ বিভাগৰ দলে ব্যৱসায়ীজনৰ বাসগৃহৰ পৰা উক্ত ডায়েৰীখনৰ লগতে অৰুণাচলৰ খাৰচাং, ডিগবৈ, মার্ঘেৰিটা, জাগুণ আদিৰ পৰা কয়লা সৰবৰাহ কৰা সংক্রান্তীয় বহুসংখ্যক নথি–পত্র জব্দ কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে কালিৰ দিনটোত আয়কৰ বিভাগৰ দলে ভঙাগড়ৰ লোকেশ শর্মা, সতীশ শর্মা আৰু বেলতলাৰ পৱন গার্গ নামৰ কয়লা ব্যৱসায়ী তিনিজনৰ ঘৰতো তালাচী চলায় বুলি জানিব পৰা গৈছে৷ ইফালে, শুকুৰবাৰে উজনি অসমৰ আন এজন বিতর্কিত কয়লা ব্যৱসায়ী পংকজ চৌধুৰীৰ ঘৰ আৰু ব্যৱসায়িক প্রতিষ্ঠানতো তালাচী চলাই ভুৱা জিএছটিৰ নথি–পত্র জব্দ কৰে বুলি জানিব পৰা গৈছে৷

You might also like