নাগালেণ্ডৰ কয়লা খনিত অঘটনঃ পাহাৰ খহি তিতাবৰৰ ৩ শ্রমিকৰ শোকাৱহ মৃত্যু
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ নাগালেণ্ডৰ কয়লা খনিত কর্মৰত তিতাবৰৰ তিনিজনকৈ শ্রমিকৰ কালি পাহাৰ খহি মৃত্যু হয়৷ অসম–নাগালেণ্ড সীমান্তৰ গোহাঁইজানৰ সৰুৰাম ওৰাং (৫০), জুনা ওৰাং (৩৮) আৰু কপেবাৰীৰ পাপু কছাৰী (৩০) নামৰ শ্রমিককেইজনৰ লগতে আন এজন শ্রমিকৰো এই ঘটনাত মৃত্যু হয়৷ ইয়াৰে সৰুৰাম আৰু জুনা একেটা পৰিয়ালৰে সদস্য৷ দৰিদ্র পৰিয়ালৰ শ্রমিককেইজনৰ শোকাৱহ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷ কালি নিশাৰ ভাগতে কয়লা খনিৰ পৰা মৃতদেহ উদ্ধাৰ কৰি আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰা হয় আৰু মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে৷ জানিব পৰা মতে, শ্রমিককেইজনে দুমাহ পূর্বে নাগালেণ্ডৰ কয়লা খনিত শ্রমিক ৰূপে নিয়োজিত হৈছিল৷ শ্রমিককেইজনৰ মৃত্যু সন্দর্ভত আজি তিতাবৰ আটছাই তদন্তৰ দাবী কৰিছে৷ আনহাতে, শ্রমিককেইগৰাকীক পৰিকল্পিতভাৱে হত্যাৰ সন্দেহ প্রকাশ কৰি সংগঠনটোৱে তিতাবৰ মহকুমাধিপতিগৰাকী এখন স্মাৰক–পত্র প্রদান কৰে৷ লগতে তিনিওটা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে জুনা ওৰাঙৰ কণমানি চাৰিটা সন্তান আৰু পাপু কছাৰীৰ কণমানি সন্তানক নিৰাপত্তা আৰু ভৰণ–পোষণ দিয়াৰ বাবে প্রশাসনক দাবী জনায়৷