নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বিষয়াসহ ১১ আৰক্ষীক কোৱাৰেণ্টাইন

যুৱকে পলুৱাই নিয়া ক’ৰোনা আক্রান্ত কিশোৰীৰ পৰা সংক্রমণৰ আশংকা

নিয়মীয়া বাৰ্তা ২৩ জুনঃ সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ আতংকই ত্রস্তমান কৰি তুলিছে নগাঁওবাসীক৷ নগাঁৱত প্রতিদিনে ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে কোনো ধৰণৰ ভ্রমণ বৃত্তান্ত নথকা একাংশ লোকো ক’ৰোনাত আক্রান্ত হোৱাত উদ্বিগ্ন হৈ পৰিছে নগাঁও জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগ৷ শেহতীয়াভাৱে ভ্রমণ বৃত্তান্ত নোহোৱাকৈ এজনৰ পাছত আন এজন লোক ক’ৰোনাত আক্রান্ত হোৱাত সামাজিক সংক্রমণৰ আশংকা যথেষ্ট বৃদ্ধি পাইছে৷ দুদিনমান পূর্বে ভ্রমণ বৃত্তান্ত নথকা এজন স্বাস্থ্যকর্মী আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্রশিক্ষার্থী নার্ছ এগৰাকী ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত যোৱানিশা নগাঁও চহৰৰ সমীপৰ হুজ গাঁৱত এগৰাকী কিশোৰী ক’ৰোনাত আক্রান্ত হোৱাৰ খবৰে নগাঁওবাসীক আতংকিত কৰি তুলিছে৷ নৱম শ্রেণীৰ ছাত্রীগৰাকী ক’ৰোনাত আক্রান্ত হোৱাটো স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ কোনো ধৰণৰ ভ্রমণ ইতিহাস নথকা হুজ গাঁৱৰ এই ছাত্রীগৰাকী ৰাইদঙীয়াৰ আদর্শ গাঁৱৰ যুৱক তথা নগাঁও চহৰৰ জি ডি নার্ছিং হোমৰ কর্মচাৰী দীপ দাস নামৰ যুৱকজনে কেইদিনমানৰ পূর্বে পলুৱাই নিছিল৷ এই সন্দর্ভত ছাত্রীগৰাকীৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নগাঁও সদৰ থানাত ১৩৭২/২০২০ নম্বৰত গোচৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিত হয়বৰ গাঁও আৰক্ষীয়ে অভিযান চলাই যোৱা ১৬ জুনত ছাত্রীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অভিযুক্ত দীপ দাসক আটক কৰিব নোৱাৰিলে৷ সেইদিনাই আৰক্ষীয়ে ছাত্রীগৰাকীক যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ছোৱাবৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰিবলৈ পঠোৱা হয়৷ সেইদিনা ছাত্রীগৰাকীক নগাঁও সদৰ থানাৰ মহিলা আৰক্ষী চেলত নিশাটো ৰখা হয়৷ পিছদিনা আদালতত হাজিৰ কৰোৱাৰ অন্তত ছাত্রীগৰাকীক পিতৃ–মাতৃক চমজাই দিয়ে৷ যোৱানিশা ছাত্রীগৰাকী ক’ভিডত আক্রান্ত হোৱাটো স্বাস্থ্য বিভাগে নিশ্চিত কৰাৰ লগে লগে নগাঁৱত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ ছাত্রীগৰাকী ক’ভিডত আক্রান্ত হোৱাৰ পাছতেই জিলা স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্রশাসনৰ মাজত হুৱাদুৱা সৃষ্টি হয়৷ ইতিমধ্যেই নগাঁও আৰক্ষী প্রশাসনে নগাঁও সদৰ থানা আৰু হয়বৰগাঁও আৰক্ষী চকীৰ মহিলা আৰক্ষীসহ ১১জন আৰক্ষীৰ লোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে৷ সম্প্রতি এই আৰক্ষীৰ লোকসকল নগাঁও চহৰৰ কেইবাখনো হোটেলত কোৱাৰেণ্টাইন হৈ আছে৷ ইয়াৰ ভিতৰত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীও আছে৷ ইতিমধ্যে নগাঁও জিলা স্বাস্থ্য বিভাগে ছাত্রীগৰাকীৰ সংস্পর্শলৈ অহা পিতৃ–মাতৃসহ পৰিয়ালৰ আন লোকসকলৰো ছোৱাব সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্রেৰণ কৰাৰ লগতে তেওঁলোকক স্বাস্থ্য বিভাগৰ নীতি অনুসৰি হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে৷ ইপিনে, ছাত্রীগৰাকীক পলুৱাই নিয়া দীপ দাসৰ পৰিয়াল পলাতক হৈ থকাত যুৱকজনে আজি ফোনযোগে ঘৰলৈ মাতি আনে৷ ইয়াৰ পাছতেই আৰক্ষী আৰু স্বাস্থ্য বিভাগে দীপ দাসৰ ৯জনীয়া পৰিয়ালটোক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনি ছোৱাব সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷

You might also like