নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ কঠীয়াতলীৰ ২ শ্রমিকৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ নাগালেণ্ডৰ ফুটহিল এলেকাত সংঘটিত এক ভয়ংকৰ দুর্ঘটনাত প্রাণ হেৰুৱালে অসমৰ দুজন শ্রমিকে৷ নিহত শ্রমিক দুজন হ’ল নগাঁও জিলাৰ কঠীয়াতলীৰ ধনীৰাম পানিকা (২৭) আৰু অৰুণ গড় (২০)৷ উল্লেখ্য যে গোলাঘাট জিলাৰ অসম–নাগালেণ্ড সীমান্তৱর্তী নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ ফুটহিলত পাৱাৰ গ্রিড নির্মাণৰ কাম চলি আছে৷ ঠিকাদাৰৰ অধীনত ফুটহিলত পাৱাৰ গ্রিড নির্মাণৰ কামত নিয়োজিত হৈ আছিল নগাঁৱৰ কঠীয়াতলীৰ এই শ্রমিক দুজন৷ তেওঁলোকে টাৱাৰত উঠি কাম কৰি থকাৰ সময়তে নির্মীয়মাণ টাৱাৰ খহি পৰে৷ এই আকস্মিক দুর্ঘটনাত ধনীৰাম পানিকা আৰু অৰুণ গড়ৰ লগতে ৰবেন গড় নামৰ আন এজন শ্রমিক গুৰুতৰভাৱে আহত হয়৷ ঘটনাস্থলীত নিয়োজিত আন শ্রমিকসকলে তেওঁলোকক ততাতৈয়াকৈ মেৰাপানীৰ চিকিৎসালয়লৈ লৈ যায়৷ চিকিৎসকে ধনীৰাম পানিকা আৰু অৰুণ গড়ক মৃত ঘোষণা কৰাৰ বিপৰীতে ৰবেন গড়ক উন্নত চিকিৎসাৰ বাবে গোলাঘাট সদৰ চিকিৎসালয়লৈ প্রেৰণ কৰে৷

You might also like