নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত চুৰি বেটেৰী-ইঞ্জিন অইলসহ এজনক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ২৫ জুলাইঃ নগাঁৱৰ আৰক্ষীয়ে আজি বুজন পৰিমাণৰ চুৰি নতুন বেটেৰী আৰু ইঞ্জিন অইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এক নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এই সফলতা লাভ কৰে ৷ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰী আৰু উপ পৰিদৰ্ষক কৃষ্ণ দলেৰ নেতৃত্বত যোৱা আৰক্ষী দলে ৰহা চাৰিআলিৰ ওচৰত এটা ঘৰত অভিযান চলাই এই চুৰি সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জনোৱা ম আৰক্ষীয়ে পোৱা নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে ৷ সেই অনুসৰি আৰক্ষীয়ে আজি পুৱা হয়বৰগাঁৱৰ পৰা সঞ্জীৱ শইকীয়া নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেৰা চলায় ৷ সঞ্জীৱৰ স্বীকাৰোক্তিৰ ভিত্তিত হয়বৰগাঁও আৰক্ষীয়ে ৰহাত অভিযান চলাই চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ৫০০ এম এলৰ ৯৬ টা বটল সহ চাৰি কাৰ্টুন ডিজেল ইঞ্জিন অইল, ১০৫ টা ডিজেল ইঞ্জিনৰ খোলা বটল, ১ লি: একস এল ইঞ্জিন অইলৰ ৩৬ টা বটল সহ তিনি কাৰ্টুন, বিভিন্ন আকাৰৰ ১৯ টা নতুন বেটেৰী আৰু ৭.৫ লি: চাৰ্ভ’ ইঞ্জিন অইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সঞ্জীৱ শইকীয়াৰ ঘৰ ৰূপহীহাটৰ উলুৱনীত বুলি জানিব পৰা গৈছে ৷ অধিক তথ্য আহৰণৰ বাৱে আৰক্ষীয়ে সঞ্জীৱক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ যে নগাঁও চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি আবাস গৃহটো সঘনাই চুৰি ডকাইটিৰ ঘটনা সংঘটিত হৈ আহিছে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like