নিয়মীয়া বাৰ্তা ২০ জুলাই : এতিয়া পবিত্ৰ শাওন মাহ। শাওন মাহৰ কথা আহিলেই গ্ৰাম্য চহা জীৱনৰ কথা মনলৈ অহাৰ লগে লগে এক আধ্যাত্মিক পৰিবেশৰো উন্মেষ ঘটে। শাওন মাহত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ মাহ হিচাপে গণ্য কৰি মাহটোৰ প্ৰতিটো সোমবাৰে পুৱাৰ ভাগত শিৱ মন্দিৰলৈ আহি পূজা অৰ্চনা কৰি আশীৰ্বাদ গ্ৰহণ কৰে। এই মাহতে অনুষ্ঠিত হয় বলেবম উৎসৱ। প্ৰতি দেওবাৰে ভক্তপ্ৰাণ লোক সকলে বিভিন্ন নৈ, জলধাৰা আদিৰ পৰা জল আৰোহণ কৰি সোমবাৰে পুৱা শিৱমন্দিৰৰ শিৱ লিংগত জল প্ৰদান কৰি আশীৰ্বাদ গ্ৰহণ কৰে। এইবাৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বলেবম উৎসৱ উদযাপিত হোৱা নাই যদিও সামাজিক দূৰত্ব মানি শিৱ লিংগত জল প্ৰদান কৰিছে ভক্ত সকলে।আজি নগাওঁ জিলাৰ বিভিন্ন শিৱমন্দিৰৰ শিৱলিংগত জল প্ৰদান কৰি আশীৰ্বাদ গ্ৰহণ কৰে। নগাওঁ চহৰৰ কলংপাৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰত ভক্ত সকলে ভিৰ কৰা পৰিলক্ষিত হয়। আজি শাওনৰ প্ৰথমটো সোমবাৰে নগাওঁ চহৰৰ আমোলাপট্টি শিৱমন্দিৰত ভক্তপ্ৰাণ লোকসকলে পূজা অৰ্চনা কৰি শিৱৰ আশীৰ্বাদ গ্ৰহণ কৰে।