নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাত অসন্তুষ্ট হৈ নগাঁৱত ৫ শতাধিক কংগ্রেছীয়ে দলত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ দেওবাৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাৰ উপস্থিতিত নগাঁৱৰ ২২নং ৱার্ডৰ নেতা দীপ লিগিৰা, ২১নং ৱার্ডৰ নেতা উজ্জ্বল বণিক আৰু ৩নং ৱার্ডৰ নেতা বিপুল শইকীয়াৰ নেতৃত্বত ৫ শতাধিক কংগ্রেছীয়ে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে৷ দলত্যাগী কংগ্রেছীসকলে সংবাদ মাধ্যমক দিয়া মন্তব্য অনুসৰি সাম্প্রদায়িক শক্তিৰে অশুভ মিতিৰালিয়ে তৃণমুল কংগ্রেছ কর্মীক অসন্তুষ্ট কৰি তুলিছে৷ আনহাতে, নগাঁও সদৰ সমষ্টিত বিধায়ক ৰূপক শর্মাৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা ব্যাপক উন্নয়নমূলক কাম–কাজে তেওঁলোকক আকৃষ্ট কৰিছে৷ সেয়ে তেওঁলোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে৷ আনহাতে, আজিৰ এই যোগদানৰ পাছতে নগাঁও চহৰৰ ৩নং ৱার্ড, ২১নং ৱার্ড আৰু ২২নং ৱার্ড কংগ্রেছশূন্য হ’ল বুলিও মন্তব্য কৰে দলত্যাগী কংগ্রেছীসকলে৷ ইপিনে, যোগদানৰ পূর্বে কংগ্রেছীসকলে বিধায়ক ৰূপক শর্মাক লৈ নগাঁও চহৰৰ মাজেৰে বৃহৎ সমদলো উলিয়ায়৷ কংগ্রেছ মুর্দাবাদ, ৰিপুণ বৰা মুর্দাবাদ, বদৰুদ্দিন আজমল মুর্দাবাদ আৰু বিজেপি জিন্দাবাদ ধবনিৰে কংগ্রেছীসকলে সমদল কৰি সদৰ বিজেপিৰ কার্যালয়ত উপস্থিত হয়৷ বিধায়ক ৰূপক শর্মাই কয়– বিগত চাৰে চাৰিটা বছৰত নগাঁও সদৰ সমষ্টিত সর্বাধিক উন্নয়নমূলক কাম–কাজ হৈছে৷ বর্তমানৰ চৰকাৰখনে উন্নয়নৰ লগতে নগাঁৱৰ ৰাইজক গুণ্ডাৰাজৰ পৰা মুক্তি দিয়াৰো চেষ্টা কৰিছে৷ সেয়ে ৰাইজে বিজেপিক আঁকোৱালি লৈছে আৰু অনাগত নির্বাচনত বিজেপিয়ে নগাঁও সদৰ সমষ্টিত ১ লাখতকৈও অধিক ভোট লাভ কৰি জয়ী হ’ব৷ আনহাতে, নগাঁও বিজেপিৰ মুখপাত্র অলকমণি ভট্টাচার্যই কয়– এতিয়াৰে পৰা নগাঁও চহৰত কংগ্রেছৰ প’ষ্টাৰ লগাবলৈকো কর্মী নাইকিয়া হ’ব৷ উল্লেখ্য যে বিজেপিৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি শীঘ্রেই আৰু কেইবাগৰাকীও কংগ্রেছ নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব৷