নিয়মীয়া বাৰ্তা ২৩ জুলাই : নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু বঢ়মপুৰৰ নৱম অসম পুলিচ বেটেলিয়ন কেম্পত কৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ ঘটিছে। নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী আৰু হাজোতী সকলৰ একাংশৰ আজি ৰেপিড এন্টিজেন টেষ্ট কৰোৱাত চাৰিজনৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে। এই চাৰি জনকে লৈ আজি পৰ্যন্ত নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কৰ’নাত আক্ৰান্ত হোৱা কয়দী আৰু হাজোতীৰ সংখ্যা ৬৩ জনলৈ বৃদ্ধি পায়। ফলত কাৰাগাৰ খনত বন্দী হৈ থকা ৪১৮ গৰাকী কয়দী আৰু হাজোতীৰ জীৱনলৈ চৰম বিপৰ্যয় নামি আহিছে।
ইপিনে, নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম পুলিচ বেটেলিয়ন কেম্পৰ বেণ্ড পাৰ্টিৰ চাৰিজন জোৱান কালি কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰাৰ পাছত আজি পুনৰ আন সাতজন জোৱান কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।নৱম অসম পুলিচ বেটেলিয়নৰ বেণ্ড পাৰ্টিৰ কৰ’নাত আক্ৰান্ত হোৱা জোৱান কেইজন হ’ল লেন্স নায়ক মাইনুল হক,কণিষ্টবল কমল খাটনিয়াৰ,দীপাংকৰ ফুকন,খাৰাং নাৰ্জাৰী,বিপিন তিমুং,প্ৰণৱ জ্যোতি বৰা আৰু মিকু নাথ। আজিৰ এই সাত জনকলৈ বেটেলিয়ন কেম্পৰ বেণ্ড পাৰ্টিৰ কৰ’নাত আক্ৰান্তৰ সংখ্যা ১১জনলৈ বৃদ্ধি পায়। এওঁলোকৰ পৰা বেটেলিয়ন কেম্পৰ আন জোৱানলৈকো কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকা কৰা হৈছে। স্মৰ্তব্য যে, বেটেলিয়ন কেম্পৰ বেণ্ড পাৰ্টিৰ জোৱান হীৰেণ গগৈৰ পৰা বেণ্ড পাৰ্টিৰ আন জোৱান সকললৈ কৰ’না ভাইৰাছৰ সংক্ৰমণ হৈছিল। তেওঁ বামুণীৰ ঘৰৰ পৰা কেম্পলৈ আহ-যাহ কৰে।আজি গগৈৰ পাঁচ বছৰীয়া দুই যমজ শিশু সন্তানো কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। নগাঁও জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি আজিৰ দিনটোতে জিলা খনত ৩৩গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। ইয়াকে লৈ জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৩৩৩জনলৈ বৃদ্ধি পাইছে।
জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে,আজি কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা সকলৰ ভিতৰৰ অধিকাংশ লোকৰেই নাই কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত। এওঁলোকৰ ভিতৰত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ “অনলাইন ইন্টাৰনেট”নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী সুমন বিশ্বাস, হয়বৰগাঁও বজাৰৰ ব্যৱসায়ী সুবীৰ ঘোষ, গ্ৰাম্য পুথিভঁৰাল সন্থাৰ আৱাসী কেন্দ্ৰৰ অনাথ আৱাসী ৰুমী কলিতা, মৃদুলা হাজৰিকা আৰু চহৰ খনৰ আমোলাপট্টিৰ এজন লোকো আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে। ইপিনে জিলাখনৰ কুঠৰী মিনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাঃ মৃন্ময় হাজৰিকা ক’ৰ’নাত আক্রান্ত হৈছে। ডাঃ হাজাৰিকাকে লৈ জিলাখনত ৪ জন চিকিৎসক আক্রান্ত হৈছে।