- নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ কৰ্মচাৰীও ক’ৰোনাত আক্ৰান্ত
- নগাঁৱৰ এখন অভিজাত হোটেলত উত্তপ্ত পৰিবেশ
নিয়মীয়া বাৰ্তা ২০ জুলাই : অতি উদ্বেগজনক ভাৱে নগাঁও জিলাত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায়েই আছে।যোৱা চৌৱিশ ঘন্টাত জিলা খনত ৪৭ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।ইয়াকে লৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলা খনত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১১৭৮জনলৈ বৃদ্ধি পায়।আজি কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা সকলৰ ভিতৰত কে’বাজনো লোকৰ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নাই। এওঁলোকৰ ভিতৰত আছে নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত এজন কণিষ্ঠ সহায়কো আছে। তেওঁৰ নাম আশীষ সাহা। স্বয়ং জিলা খনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰীয়েই কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাত জিলা স্বাস্থ্য বিভাগত হুৱাদুৱা লাগিছে। ইতিমধ্যে এই কৰ্মচাৰী জনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে, যুটীয়া সঞ্চালকৰ কাৰ্যালয়টো কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিবলৈ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল পাটৰে জিলা উপায়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ইপিনে,কালি বিয়লিৰ ভিতৰত নগাঁও জিলাৰ বিভিন্ন ক’ভিড হাস্পতালৰ পৰা সুস্থ হৈ ৩৮৩ গৰাকী কৰ’না ৰোগী ঘৰলৈ উভতি যোৱা বুলিও স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনহাতে নগাঁও জিলাৰ বেবেজীয়া সমীপৰ হাতীচোং স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত জামুগুৰি দঘাটত কালি কোনো ভ্ৰমণবৃত্তান্ত নথকা পিতা-পুত্ৰৰ দেহত কৰ’না ক’ভিড-১৯ পজিটিভ ধৰা পৰা ঘটনাই বৃহত্তৰ জামুগুৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, জিলাখনৰ বটদ্ৰৱা সমষ্টিৰ এলেকাধীন হাতীচোং ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ জামুগুৰি দগাঁৱত অৰবিন্দ নাথৰ ( ৫২ ) আৰু ইন্দ্ৰ কুমাৰ নাথৰ(২৯) দেহত কৰ’নাৰ উপস্থিতি স্বাস্থ্য বিভাগে নিশ্চিত কৰাত বৃহত্তৰ জামুগুৰি ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৷ ইপিনে নগাঁও চহৰৰ মাজমজিয়াত থকা এখন অভিজাত হোটেলত আজি কোৱাৰেন্টাইনত থকা একাংশ লোকে এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি কৰে।হোটেলখনত কোৱাৰেন্টাইনত থকা একাংশ লোকৰ ক্ষোভৰ বহিঃপ্ৰকাশতেই সৃষ্টি হয় এই উত্তেজনাময় পৰিবেশৰ৷
অভিযোগ অনুসৰি, হোটেলখনত কোৱাৰেন্টাইন হৈ আছে বহুলোক৷ তাৰমাজতেই প্ৰায় সাতদিনৰ পৰা কোৱাৰেন্টাইন হৈ আছিল সেনাৰ কেইবাজনো জোৱান৷ কৰ্মস্থলীৰ পৰা বহুদিনৰ মূৰত মাত্ৰ কেইদিনমানৰ ছুটি লৈ স্বগৃহলৈ আহিছিল এই জোৱান সকল।কিন্তু বিশ্বত্ৰাস অতিমাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে আপোন ঘৰখনৰ পৰিবৰ্তে জোৱানসকলে বাধ্যতামূলক সাত দিনীয়া কোৱাৰেন্টাইনৰ বাবে হোটেল খনলৈ যাব লগীয়া হয়। তেওঁ লোকে ক’ৰোনা পৰীক্ষাৰ বাবে শ্বাৱ দিয়াৰ পাচত নিজা খৰচত কোৱাৰেন্টাইনৰ বাবে যাবলগা হ’ল হোটেল খনলৈ।
ইপিনে,জোৱানসকল থকা হোটেলখনত স্বাস্থ্যসন্মত ব্যৱস্থা নথকা আৰু জোৱানসকলৰ শ্বাৱ টেষ্টৰ ফলাফল প্ৰকাশত পলম হোৱাক লৈ উত্তেজিত হৈ পৰে হোটেল খনত কোৱাৰেন্টাইন হৈ থকা জোৱান সকলৰ লগতে অন্য লোকসকলো৷
তেওঁ লোকৰ ভাষ্য হ’ল,” আমি যদি কোৱাৰেন্টাইনতেই ছুটি কটাব লাগে তেন্তে ছুটিত অহাৰ লাভ কি হ’ল? আমি কোৱাৰেন্টাইনত থাকিম কিন্তু আমাৰ ছুটি বৃদ্ধি কৰক,হোটেলৰ খৰচ দিয়ক৷হোটেলখনত স্বাস্থ্যবিধিৰ ব্যৱস্থা কৰক৷” কেৱল ব্যৱসায়ীক মুনাফাৰ বাবেই এনে কাৰ্য কৰাৰো অভিযোগ সেনা জোৱান আৰু একাংশ লোকৰ৷পৰিস্থিতি ইমানেই উত্তপ্ত হয়যে শেষত আৰক্ষী মোটায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব লগা হয়৷