নিয়মীয়া বাৰ্তা ০২ জুনঃ ৰাজ্য খনৰ লগতে নগাওঁ জিলাটো ক’ভিড-১৯ পজিটিভত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে। আজিলৈকে জিলাখনত ক’ভিড-১৯ পজিটিভ লোকৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি পাইছে। আজিৰ দিনটোত নগাওঁ জিলাত ১২ জন ক’ভিড-১৯ পজিটিভ লোক নতুনকৈ চিনাক্ত কৰা হৈছে। আজি চিনাক্ত কৰা লোকসকলৰ ভিতৰত ৬ জন ধিং অঞ্চলৰ, কচুৱা থানাৰ অন্তৰ্গত ৫ জন আৰু ১ জন উলুৱনী থানাৰ অন্তৰ্গত। ধিং থানাৰ অন্তৰ্গত ছালকটা পথাৰৰ মুস্তাক আৰিফ(২২) বগৰীগুৰি হাইমাদ্ৰাছাত কোৱাৰেণ্টাইন হৈ আছিল। উত্তৰ প্ৰদেশৰ পৰা অহা সেই লোকজনক স্বাস্থ্য বিভাগৰ নীতি অনুসৰি ২৯ মে’ ত হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ প্ৰেৰণ কৰা হৈছিল। আজি সেই লোকজনৰ ক’ভিড-১৯ ত আক্ৰান্ত হোৱাটো নিশ্চিত হয়। ধিং ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা ধিং ১ নং গায়ন গাঁৱৰ নাজিৰুল ইছলাম(১৯), গায়ন গাঁৱৰ নুৰজামাল হুছেইন(২২), দগাওঁ এ কে গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয় হোষ্টেলত কোৱাৰেণ্টাইন হৈ থকা ধিং ২ নম্বৰ লাঙিয়া গাঁৱৰ মইনুদ্দিন(২০), আচিকুল ইছলাম(১৮), ইবাজুল হক(১৯) ৰ ক’ভিড-১৯ পজিটিভ হোৱাটো নিশ্চিত হৈছে। ধিঙৰ এই আটাইকেইজন তামিলনাডুৰ পৰা অহা। কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা কচুৱা শিমলুগুৰিৰ হিমাংশু দাস(৪৪) আৰু সঞ্জয় দাস(৩০) , কচুৱা ১ নং খলিয়ামাৰীৰ ৰঞ্জিত দাস(৩৪), চাপৰমুখ অতিথিশালাত কোৱাৰেণ্টাইন হৈ থকা ৰজাগাঁৱৰ দিয়া সৰকাৰৰ আজি ক’ভিড-১৯ পজিটিভ হোৱাটো নিশ্চিত হৈছে। কচুৱাৰ এই ৪ জন লোক মহাৰাষ্ট্ৰৰ পৰা আহিছিল।
আনহাতে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা কঠীয়াতলীৰ অৰূপ সৰকাৰ(২১)ৰ ক’ভিড-১৯ হোৱাটো আজি নিশ্চিত হৈছে। ইপিনে কলিয়াবৰৰ শালনা বাপুজী হাইস্কুলত কোৱাৰেণ্টাইন হৈ থকা উলুৱনী থানাৰ অন্তৰ্গত দুৰ্লভ নাথ(৩২)ৰ ক’ভিড-১৯ পজিটিভ হোৱাটো স্বাস্থ্য বিভাগে নিশ্চিত কৰে। স্বাস্থ্য বিভাগৰ নীতি অনুসৰি দুৰ্লভ নাথক ১ জুনত হোমকোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছিল। দুৰ্লভ নাথ হাৰিয়ানাৰ পৰা আহিছিল। ক’ভিড-১৯ ত আক্রান্ত এই আটাইকেইজনকে আজি নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ হস্পিতাললৈ লৈ অনা হৈছে। কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা হোম কোৱাৰেণ্টাইনলৈ যোৱাৰ পিছত ক’ভিড-১৯ পজিটিভ হোৱা মুস্তাক আৰিফ আৰু দুৰ্লভ নাথৰ ঘৰ প্ৰশাসনে ছীল কৰাৰ লগতে পৰিয়ালৰ লোককো হোমকোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে। এনেদৰে জিলাখনত ক্ৰমশঃ ক’ভিড-১৯ ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত নগাঁৱৰ ৰাইজ চিন্তিত হৈ পৰিছে।