নিয়মীয়া বাৰ্তা ৩০ জুন : নগাঁও জিলাত ক’ভিড ১৯ আক্ৰান্তৰ সংখ্যা বাঢ়ি আছে যদিও তাৰ বিপৰীতে সুস্থতাৰ হাৰো বৃদ্ধি পাইছে । আজি নতুনকৈ জিলাখনত ২০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে । এই পৰ্যন্ত নগাঁও জিলাত ৬৩৬ গৰাকী লোক ক’ভিড ১৯ ত আক্ৰান্ত হৈছে । তাৰ ভিতৰত ৪২৩ গৰাকী সুস্থ হৈ ঘৰলৈ উভটিছে । নগাঁও জিলাত ক’ভিড ৰোগীৰ সুস্থাৰ হাৰৰ ৬৬. ৫০ শতাংশ । ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা ৩০ গৰাকী আৰু উজৰা গাঁও মডেল হস্পিতালৰ পৰা ৩ গৰাকী সুস্থ হোৱা লোকক আজি ঘৰলৈ যাবলৈ দিয়া হৈছে । আজিলৈকে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালৰ পৰা ২৪৮ গৰাকী , কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ৰ পৰা ৫০ গৰাকী, উজৰা গাওঁ আদৰ্শ চিকিৎসালয়ৰ পৰা ৭৩ আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ৰ পৰা গৰাকী সহ মুঠ ৪২৩ গৰাকী লোকক সুস্থ হোৱাৰ বাবে ৰিলিজ দিয়া হৈছে। আজি তাৰিখত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ৮৭ গৰাকী, কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৩৮ গৰাকী, উজৰা গাওঁ আদৰ্শ চিকিৎসালয়ত ২৫ আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ৪২ গৰাকী চিকিৎসাধীন হৈ আছে।