নিয়মীয়া বাৰ্তা ২জুলাইঃ নগাঁৱৰ আদালতৰ দুগৰাকী ন্যায়িক দণ্ডাধীশ আৰু তিনিগৰাকী কৰ্মচাৰী সহ মুঠ ৫জনকৈ লোক ক’ৰোনাত আক্ৰান্ত হোৱা ঘটনাই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি সন্ধ্যা ভাগত জিলা স্বাস্থ্য বিভাগে এই লোককেইজন ক’ৰনাত আক্রান্ত হোৱা বুলি নিশ্চিত কৰিছে বুলি জিলা উপায়ুক্ত যাদৱ শইকীয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰে। ক’ভিদ-১৯ পজিটিভ পোৱা ব্যক্তিকেইগৰাকী ক্ৰমে – নিলাভ নয়ণ ডেকা(২৯), ইকবাল আহমেদ(৩১), ছালেহ আহমেদ(৩৪), দিলদাৰ হুছেইন খান(৪৩) আৰু মৃন্ময় জ্যোতি নাথ(৩৮)। নগাওঁ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতৰ এই দণ্ডাধীশ আৰু কৰ্মচাৰী কেইজন ক’ৰোনাত আক্ৰান্ত হোৱা খবৰে নগাওঁ বাসীক চিন্তিত কৰি তুলিছে। এই লোক কেইজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাছিল। ইয়াৰে ইকবাল আহমেদ আৰু ছালেহ আহমেদে নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত দণ্ডাধীশ হিচাপে কৰ্মৰত থকাৰ বিপৰীতে আন তিনিগৰাকীক তৃতীয়বৰ্গৰ সহায়ক বুলি জানিব পৰা গৈছে।
ইপিনে এই কাৰ্যালয়ৰ এই ৫জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰে নগাঁও ন্যায়িক আদালতৰ লগত একেটা চৌহদত সংলগ্ন হৈ থকা নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত হুৱাদুৱা লগাৰ লগতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। একেটা চৌহদতে জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় থকাৰ বাবে দুয়োটা কৰ্য্যালয়ৰ কৰ্মচাৰী সকল প্ৰায়ে সংস্পৰ্শলৈ আহে।
উল্লেখযোগ্য যে ১৬ জুনত ক’ৰোনাত আক্ৰান্ত এগৰাকী কিশোৰীক হাজিৰ কৰিছিল ন্যায়িক আদালতত। জানিব পৰা মতে সেই কিশোৰী গৰাকী ৰাইদঙীয়াৰ এজন যুৱকে পলুৱাই নিছিল। পিছত আৰক্ষীয়ে উদ্ধাৰ কৰি আদালতত সাক্ষ্য দিয়াইছিল। পিছত কিশোৰী গৰাকী ক’ৰোনাত আক্রান্ত হোৱাত স্বাস্থ্য বিভাগে নগাঁৱৰ ১২ গৰাকী আৰক্ষী কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল। সেই কিশোৰী গৰাকীৰ সাক্ষ্য গ্ৰহণৰ বাবেই পৰৱৰ্ত্তী সময়ত ন্যায়িক আদালতৰ এই লোকসকলৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰিছিল। পিছত আজি সন্ধ্যা ন্যায়িক আদালতৰ এই ৫ জন লোক ক’ৰোনাত আক্রান্ত হোৱাতো স্বাস্থ্য বিভাগে নিশ্চিত কৰে। এই কিশোৰী গৰাকীৰ সাক্ষ্য গ্ৰহণৰ সময়ত সংস্পৰ্শলৈ অহাৰ বাবেই আদালত খনৰ এই লোক কেইজন ক’ৰোনাত আক্রান্ত হোৱাটো জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সন্দেহ কৰিছে। নগাওঁ জিলা উপায়ুক্তই জনোৱা মতে কাইলৈ আদালত খনৰ চেনিটাইজকে ধৰি স্বাস্থ্য বিভাগৰ সকলো ধৰণৰ নিয়ম প্ৰযোজ্য কৰা হব। তদুপৰি নগাঁৱৰ তিনি গৰাকী স্বাস্থ্য কৰ্মীও ক’ৰোনাত আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে।