লকডাউনৰ শিথিলতা পূৰ্ণ সুযোগ গ্ৰহণ কৰি নগাঁৱৰ বৰবজাৰত উবুৰি খাই পৰিছে অগণন লোক
লকডাউনৰ উলংগাকাৰী-আৰক্ষীৰে হতাহতি : গুলীচালনা ঘটনাত আহত ৩
নিয়মীয়া বাৰ্তা, ১৫ মেঃ গ্ৰীণ জ’ন হিচাপে চিহ্নিত হোৱাৰ পিছত লকডাউনৰ শিথিলতা পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ লোক সৰ্বত্ৰ লকডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰি আহিছে। মূলতঃ আগন্তুক ঈদৰ বাবে বজাৰ সমাৰ কৰিবলৈ বিগত দুই/তিনিদিন ধৰি উবুৰি খাই পৰিছে অগণন লোক। ইয়াৰ মাজতে নগাঁও চহৰৰ আজি দুপৰীয়া লকডাউনৰ উলংগাকাৰীক লৈ সংঘটিত গুলীচালনাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নগাঁও চহৰৰ ব্যৱসায়ীক এলেকা বৰবজাৰত সংঘটিত হৈছে এই এক চাঞ্চল্যকৰ ঘটনা। চহৰখনৰ বৰবজাৰত আজি পুৱাৰে পৰা ভিৰ কৰিছিল বহু লোকে। এই খবৰ লাভ কৰি নগাঁও সদৰ আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰদীপ বনিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল বজাৰ খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাওঁতেই একাংশ লোকৰ সৈতে আৰক্ষীৰ দলটো খণ্ডযুদ্ধত লিপ্ত হয়। এটা সময়ত এই খণ্ডযুদ্ধ খনৰ পৰাই বজাৰ খনত দুয়ো পক্ষৰ মাজত সংঘৰ্ষৰ সুত্ৰপাত হোৱাত আৰজু আলী নামৰ এজন প্ৰাক্তন আৰক্ষী কনিষ্টবলে আৰক্ষীৰ সৈতে তীব্ৰ তৰ্কাতৰ্কিত লিপ্ত হয়। আনকি, আলীয়ে বণিয়াৰ পিষ্টল কাঢ়ি নিয়াৰ অপচেষ্টা চলায়। ইয়াৰ পিছত ততাতৈয়াকৈ আৰক্ষীৰ বিষয়া এগৰাকীয়ে শূণ্যলৈ গুলীচালনা কৰাৰ চেষ্টা চলাওতে দুৰ্ঘটনা ক্ৰমে খোদ আৰ্জুলেই গুলীবিদ্ধ হয় বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে আৰক্ষীৰ লোকে। আৰজুৰ ভৰিত গুলী লাগি তেওঁ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। লগতে আৰক্ষী বিষয়া প্ৰদীপ বণিয়াও আহত হয়। আনহাতে, এই গুলীচালনাৰ ঘটনাটোৰ ফলত সামান্য পৰিমাণে আহত হয় সেই সময়ত বজাৰ কৰিবলৈ অহা বাহাৰুন নেছা নামৰ এগৰাকী মহিলাও। আহত মহিলা গৰাকীৰ ঘৰ মৰিকলঙৰ ওচৰৰ হোটেলবাৰীত হোৱাৰ লগতে আৰজুৰ ঘৰ ফৌজদাৰী পট্টিৰ আবু পথত বুলি জানিব পৰা গৈছে। ইপিনে, আহত মহিলা গৰাকীৰ লগতে আৰজু আলীক লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
তাৎপৰ্যপূৰ্ণ বিষয় এই যে আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰদীপ বনিয়াৰ পিষ্টলৰ গুলী দুৰ্ঘটনাবশত ওলাই গৈ দুজন লোক আহত হোৱা বুলি নগাঁও আৰক্ষীয়ে দাবী কৰাৰ বিপৰীতে স্থানীয় ৰাইজে বিপৰীত মন্তব্য কৰিছে। স্থানীয় ৰাইজ, আহত মহিলা আৰু আৰজু আলীৰ মতে, আৰক্ষীয়ে লোক কেইজনলৈ লক্ষ্য কৰি গুলীচালনা কৰিছে। অৱশ্যে ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। সঠিক তদন্তহে আচলতে কি ঘটিছিল সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, চাকৰিৰ পৰা বৰ্খাস্ত হোৱা আৰজু আলী নামৰ প্ৰাক্তন আৰক্ষীজন দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰো অভিযোগ উঠিছে। ঘটনা আটাইতকৈ আচৰ্যজনক বিষয় এই যে লকডাউনৰ চলি থকা সময়ত নগাঁৱত বিশেষকৈ সামাজিক দূৰত্ব নমনাক লৈ আজি গুলীচালনাৰ দৰে এক অবাঞ্চিত ঘটনা সংঘটিত হোৱা বিষয়টোৱে আচলতে কি সুচাইছে। এই প্ৰশ্ন সৰ্বত্ৰ উত্থাপিত হৈছে