নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত এজনক আটক

নিয়মীয়া বাৰ্তা, ৮ জুন : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে আজি এক গোপন সুত্ৰৰ পম খেদি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়া মতে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাৱঁৰ নিবাসী তথা ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইন নামৰ লোক জন আজি দিনৰ প্ৰায় ১০.৩০ মান বজাত চামগুৰিৰ পৰা নগাঁও টাওনৰ অভিমুখে গৈ থকা অৱস্থাত চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে আজি আৰক্ষীয়ে আটক কৰা জাকিৰ হুছেইনৰ চামগুৰি সাপ্তাহিক বজাৰৰ সমিপত থকা দোকানখনত আজি কিছুদিন পূৰ্বে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত এটা আৰক্ষী দলে অভিযান চলাই যথেষ্ট সংখ্যক ড্ৰাগছযুক্ত টেবলেট লিকু বটল জব্দ কৰাৰ লগতে দোকানখনৰ কৰ্মচাৰী মাইনুল হুছেইনক আটক কৰিছিল যদিও দোকানখনৰ স্বতাধিকাৰী জাকিৰ হুছেইন পলাতক অৱস্থাত আছিল ৷ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত জাকিৰ হুছেইনক বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

You might also like