নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা   ২৪ জুলাই : প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ প্ৰচাৰ অভিযানৰ আজি নগাঁৱত শুভাৰম্ভ কৰা হয়। অসম চৰকাৰৰ সহযোগত এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানী অৱ ইণ্ডিয়া লিমিটেডৰ ব্যৱস্থাপনাত নগাওঁ জিলা কৃষি বিভাগৰ উদ্যোগত আজি এই অভিযানৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে নগাওঁ জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই। এই উপলক্ষে দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ সু-ফল যাতে প্ৰকৃত কৃষকে লাভ কৰিব পাৰে, তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কৃষি বিষয়া আৰু বীমা কোম্পানীৰ বিষয়া সকলক আহ্বান জনায়। নগাওঁ জিলা কৃষি বিষয়া কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত জিলা কৃষি বিষয়া অশোক কুমাৰ বৰঠাকুৰ, যোজনাৰ জিলা নডেল বিষয়া ভদ্ৰ কুমাৰ বৰা, কাৰ্যবাহী অভিযন্তা বিশ্বজিৎ নাথ, মহকুমা কৃষি বিষয়া প্ৰবীণ বৰুৱা, সহকাৰী কৃষি সঞ্চালক ৰজনী শইকীয়া, জিলা কৃষি সম্বনয়ক চিন্ময় বৰা, ইঞ্চুৰেঞ্চ কোম্পানীৰ দীপক বৰা আৰু পৰ্টেল ‘চলাচৰ’ৰ পিয়ুষ সৌম আৰু তাজুল ইছলাম আদিয়ে অংশগ্ৰহণ কৰে। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত উৎপাদনৰ ক্ষতিৰ আধাৰত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষক সকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ বাবে এক হেক্টৰ খেতি মাটি লৈ কৃষকে এক টকাৰ বীমা মূল্য দিব লাগিব। তদুপৰি এক হেক্টৰৰ খেতি মাটিতকৈ বেছি হলে শালি ধান, মাটিমাহৰ বাবে দুই শতাংশ বীমা মূল্য দিব লাগিব। শালি ধানৰ বাবে প্ৰতি হেক্টৰ খেতি মাটিত বীমা ৰাশি ৫৯,৪০০ টকা, এবিঘা মাটিৰ বাবে বীমা ৰাশি ৭৯২০ টকাৰ বিপৰীতে মাটিমাহত প্ৰতি হেক্টৰ খেতি মাটিৰ বাবে বীমা ৰাশি ৩১,১০০ টকা, প্ৰতি বিঘাৰ বীমা ৰাশি ৪১৪৭ টকা হব। নগাওঁ জিলাত পৰ্টেল বীমা প্ৰতিষ্ঠান ‘চলাচৰ’ৰ জৰিয়তে এই বীমা কৰি থকা হৈছে। প্ৰতিটো পঞ্চায়তত ১০০০ জন হিতাধিকাৰীয়ে আঁচনিৰ সুফল লাভ কৰিব। অসমৰ ২০ খন জিলা ক্ৰমে কামৰূপ গ্ৰাম্য, গোৱালপাৰা, কোকোৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, নগাওঁ, চিৰাং, শোণিতপুৰ, ধুবুৰী, দৰং, যোৰহাট, গোলাঘাট, ধেমাজি, শিৱসাগৰ, কাৰ্বি আংলং, ডিমা হাছাও, কৰিমগঞ্জ, ডিব্ৰুগড় আৰু হাইলাকান্দিত এই যোজনা পৰিচালিত কৰা হৈছে। নগাওঁ জিলাৰ কৃষি বিষয়া অশোক কুমাৰ বৰঠাকুৰে জানিবলৈ দিয়ে যে এই প্ৰচাৰ অভিযান জিলাখনৰ সকলো গাঁও পঞ্চায়তত ইতিমধ্যে কৰি থকা হৈছে। নগাওঁ জিলাত এই যোজনা এশ শতাংশ ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

You might also like