নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ বাবে নগাঁওত কৰ্মহীন শ-শ শ্ৰমিক

নিয়মীয়া বাৰ্তা ২৮ এপ্রিলঃ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে কেন্দ্রীয় চৰকাৰে দেশজুৰি লকডাউন ঘোষণা কৰাৰ ফলত সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাতো দিন হাজিৰা কৰি জীৱন নির্বাহ কৰা অসংখ্য লোক, বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠান, হোটেল, ৰেষুটৰেণ্টত কর্মৰত শ শ শ্রমিক–কর্মচাৰী বৰ্তমান কৰ্মহীন হৈ পৰিছে।
লকডাউনৰ ফলত নগাওঁৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহ যোৱা ২৪ মার্চৰ পৰাই বন্ধ হৈ আছে৷ স্মর্তব্য যে নগাঁও জিলাৰ কেৱল নগাঁও চহৰতে বিদিশা, অভিন্দন, স্বাৱাগত, ব্লো–বার্ড, নগাঁও পইণ্ট, এ এম পেলেচ, নটৰাজ, পীয়ূজ, ব’হাগী, চৌধুৰী, হৰিওম, ৰিলেক্সকে ধৰি কেইবাখনো হোটেল আছে৷ চহৰখনত কেইবাশ বস্ত্র বিপণী, অন্য ব্যৱসায়িক প্রতিষ্ঠান, ৰেষুটৰেণ্ট আদি আছে৷ এই প্রতিষ্ঠানসমূহত বিভিন্ন প্রকাৰে নিয়োজিত হৈ আছে শ শ লোক৷ আনহাতে, জিলাখনৰ কলিয়াবৰ, মিছা, আমনি, আমবাগান, শালনা, লাওখোৱা, শিঙিমাৰী, ৰূপহী, জুৰীয়া, চামগুৰি, পুৰণিগুদাম, বঢ়মপুৰ, চাপানালা, কঠীয়াতলী, কামপুৰ, কচুৱা, ননৈ, দক্ষিণপাট, ৰহা, ফুলগুৰি, জাজৰি, বেবেজীয়া, চকলাঘাট, ৰাইদঙীয়া, বৰীবজাৰ, ধিং, ধূপগুৰি, বটদ্রৱা, উৰিয়াগাঁও, বৰঘাট বাইপাছ আৰু নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত সৰু–বৰ সহস্রাধিক হোটেল, ৰেস্তোৰাঁ, ধাবা, ৰিজ’ট আছে৷ এই ব্যৱসায়ৰ লগত চাৰিসহস্রাধিক শ্রমিক জড়িত হৈ আছে৷ এমুঠি অন্নৰ বাবে এতিয়া এই শ্রমিকসকলে হাহাকাৰ কৰিব লগা হৈছে৷ উল্লেখ্য যে একাংশ হোটেলত কিছু মহিলাই বাচন–বর্তন ধুই কোনোমতে জীৱিকা নির্বাহ কৰিছিল৷ লকডাউনৰ ফলত এই মহিলা শ্রমিকসকলৰ বিলৈ–বিপত্তি নোহোৱা হৈছে৷ তদুপৰি, পদপথৰ কাষত থকা ফাষ্টফুড, চাট হাউছ, মমো আদি বিক্রী কৰা, চানা বিক্রী কৰা, জোতা পলিচ কৰা একাংশ লোকৰো দুর্গতিৰ সীমা নোহোৱা হৈছে৷ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠান, হোটেল–ৰেস্তোৰাঁ, ধাবা আদিত কাম কৰি কোনোমতে পৰিয়াল চলোৱা শ শ শ্রমিকে লকডাউনৰ সময়ত চৰকাৰী সাহায্য পোৱা নাই৷ এই দৰিদ্র শ্রমিকসকলৰ অধিকাংশৰেই নাই খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কার্ড৷ চৰকাৰী ঘোষণা অনুসৰি তেওঁলোকেও চৰকাৰৰ পৰা এহেজাৰ টকাৰ আর্থিক সাহায্য লাভ কৰিব লাগিছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাই৷ নগাঁও চহৰৰ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানত কর্মৰত অধিকাংশ লোকেই চহৰখনৰ লগতে ইয়াৰ উপকণ্ঠ এলেকাৰ ভাৰাঘৰত থাকে৷ এওঁলোকে ঘৰ ভাড়া আদায় দিব নোৱাৰি ঘৰৰ মালিকৰ ককর্থনা শুনিবলগীয়া হৈছে৷

You might also like