নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌন্দৰ্য চৰ্চাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ যুৱতী

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ সৌন্দৰ্য চৰ্চাৰ যোগেদি আইকনিক ইণ্ডিয়ান পাৰ্ছনেলিটি উইনাৰ এৱাৰ্ড ২০২২ খিতাপ লাভৰে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নগাৱঁৰ বাবলি হাজৰিকাই । নগাঁও চহৰৰ ডিমৰুগুৰি নিবাসী লক্ষী হাজৰিকা আৰু ৰেবতি হাজৰিকাৰ কন্যা বাবলি হাজৰিকাই সৌন্দৰ্য্য চৰ্চাৰ যোগেদি পাৰদৰ্শিতা প্ৰদৰ্শন কৰি লাভ কৰিলে উক্ত “আইকনিক ইণ্ডিয়ান পাৰ্ছনেলিটি উইনাৰ এৱাৰ্ড ২০২২ । সৰুৰে পৰা সৌন্দৰ্য চৰ্চাৰ প্ৰতি আগ্ৰহী বাবলিয়ে শেষতীয়াকৈ সৌন্দৰ্য চৰ্চাৰ জগত খনৰ লগত জড়িত হৈ নিজৰ প্ৰতিভাৰ ফলত অতি কম দিনৰ ভিতৰতে ফৰেভাৰ মিছ ইণ্ডিয়া ২০২১, নেচলেল অমেন প্ৰাইড এৱাৰ্ড, এম টি টি ভি ইণ্ডিয়াৰ পৰা ইণ্ডিয়া ষ্টাৰ কমিউনিটি এৱাৰ্ড ২০২২, মিচেছ নগাঁও, মিচেছ আছাম, অল আছাম বিউটি কনটেষ্ট বেষ্ট টেলেন্টৰ এৱাৰ্ডৰ দৰে বহু খিতাপ অৰ্জন কৰি ৰাজ্য খনৰ লগতে সমগ্ৰ নগাঁও জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । সৌন্দৰ্য চৰ্চাৰ যোগেদি অসমীয়া ছবি জগত খনলৈ যাবলৈ আগ্ৰহী বাবলিয়ে ইতিমধ্যে কেইটাও কামৰ নিমন্ত্ৰণ লাভ কৰা বুলি জানিবলৈ দিয়ে।

প্ৰেৰক কনক হাজৰিকা

You might also like