নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলাত কৰ’নাত আক্ৰান্তৰ সংখ্যা ২০৭৫ জনলৈ বৃদ্ধি

  • নগাঁও বি পি চিভিল হাস্পতালৰ অধীক্ষকো কৰ’নাত আক্ৰান্ত
  •  নগাওঁ জিলাত ক’ৰ’নাত আক্রান্তৰ সুস্থতাৰ হাৰ ৬৬.৯৯ শতাংশ

নিয়মীয়া বাৰ্তা  ১ আগষ্ট : নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ললিত চন্দ্ৰ নাথ ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হোৱা বুলি আজি নিশ্চিত কৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগে।ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিষয়া জনক হোম কোৱাৰেন্টাইন কৰি চিকিৎসাৰ পৰামৰ্শ প্ৰদান কৰা হয়। আনহাতে চিকিৎসালয় খনৰ অধীক্ষক জন কৰ’নাত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে এক নিৰ্দেশ যোগে ম’হখুলি অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ মুকুট ডেকাক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰে।
ইপিনে,আজিৰ দিনটোতে নগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা সমূহীয়া প্ৰৱন্ধক (ডি চি এম) পূৰৱী কলিতাও কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে জনোৱা মতে,আজি পৰ্যন্ত নগাঁও জিলা স্বাস্থ্য বিভাগৰ মুঠ ২৩ গৰাকী চিকিৎসক,নাৰ্ছ, স্বাস্থ্য কৰ্মী, স্বাস্থ্য বিভাগৰ বিভিন্ন কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।
আনহাতে,আজি বিয়লি নগাঁও জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি, নগাঁও জিলাত কালি বিয়লি তিনি বজাৰ পৰা আজি বিয়লি তিনি বজা পৰ্যন্ত চৌৱিশ ঘন্টাৰ ভিতৰত মুঠ ৮৬ গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। অৱশ্যে আজিৰ দিনটোতে বিয়লি তিনি বজা পৰ্যন্ত ৮০ গৰাকী লোকৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পেলোৱা হৈছে। ইয়াৰে ২৫ গৰাকী আৰ টি পি চি আৰ(স্বাৱ)ৰ প্ৰতিবেদনত আৰু ৫৫ গৰাকী ৰেপিড এন্টিজেন্ট টেষ্টত ক’ৰ’নাত আক্রান্ত হোৱাটো নিশ্চিত হৈছে। আজিৰ দিনটোত কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা সকলৰ ভিতৰত আছে কাটিমাৰীস্থিত চি আৰ পি এফৰ শিৱিৰৰ পাঁচজন জোৱান ক্ৰমে য়াহাপী,সুৰেশ কুমাৰ,দাদু ডুৱে, বীৰেন্দ্ৰ সিং আৰু উদয় কুমাৰৰ লগতে বঢ়মপুৰস্থ নৱম অসম পুলিচ বেটেলিয়নৰ জোৱান কৃষ্ণ কান্ত ৰবি দাস আৰু নগাঁও বিশেষ কাৰাগাৰৰ দুই কয়দী ক্ৰমে সোনা লোহাৰ, পুতুকণ পাটৰ। তাৰোপৰি চামগুৰি ৰাজহ চক্ৰৰ হেমকান্ত হাজৰিকা নামৰ কৰ্মচাৰী এজনৰো দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰে। ইপিনে নগাঁৱৰ কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সহ ৪ গৰাকীৰ দেহত ক’ভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছে । ক’ভিড-১৯ ধৰা পৰা ৪ জন লোকৰ ভিতৰত ৩ গৰাকী কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু কৰ্মচাৰী । আনগৰাকী চিকিৎসকৰ গাড়ীচালক বুলি জানিব পৰা গৈছে । ক’ভিদত আক্ৰান্ত কেইগৰাকী হ’ল ড. প্লাবিতা শৰ্মা, নাৰ্চ অনামিকা কুৰ্মী, লেৱৰট্ৰৰি সহায়ক ৰাজু বৰা আৰু গাড়ী চালক অজিত চন্দ্ৰ শৰ্মা । বৰ্তমান সমগ্ৰ স্বাস্থ্য কেন্দ্ৰখন বন্ধ কৰি দিয়ে স্বাস্থ্য বিভাগে ৷ যেতিয়া লৈকে সমগ্ৰ কেন্দ্ৰটো ছেনিটাইজ নহয় তেতিয়া লৈকে স্বাস্থ্য কেন্দ্ৰটো বন্ধ থাকিব বুলি জানিবলৈ দিয়ে মহকুমা স্বাস্থ্য বিষয়া জনে। স্বাস্থ্য কেন্দ্ৰটোৰ সকলো ৰোগীক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিছে স্বাস্থ্য বিভাগে। জিলাখনৰ কলিয়াবৰত সাহিত্য কৰ্মীকে ধৰি দহজন ক’ৰ’নাত আক্রান্ত হৈছে। ইপিনে জিলাখনত ক’ৰ’নাত আক্রান্ত হোৱা ১৩৯০ গৰাকী লোক সুস্থ হৈ ঘৰলৈ গৈছে। জিলাখনত সুস্থতাৰ হাৰ ৬৬.৯৯ শতাংশ।

You might also like