নগাঁৱত গ্ৰীষ্মকালীন ধানৰ বাবে ৬৫,৪৪৮ কৃষকৰ বীমাকৰণ সম্পূৰ্ণ
নিয়মীয়া বার্তা, ২৮ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত হৈ থকা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কৃষক সকলৰ শস্যসমূহ বীমা কৰণ কৰা প্ৰক্ৰিয়া অব্যাহত আছে। অসম চৰকাৰে কৃষক সকলক সকাহ দিয়াৰ লক্ষ্যৰে ১ হেক্টৰ কৃষি ভূমি লৈকে বীমাৰ প্ৰিমিয়াম মাত্ৰ ১ টকা ধার্য কৰিছে। বীমা কৰা শস্য ডৰা বানপানী বা আন প্ৰাকৃতিক দুৰ্যোগত নষ্ট হলে কৃষকে বীমাকৃত কোম্পানীৰ পৰা ক্ষতিপূৰণ লাভ কৰিব। নগাওঁ জিলাত এইবর্ষত গ্ৰীষ্মকালীন ধান (বৰো) আৰু কুঁহিয়াৰ খেতিৰ বীমা কৰণৰ বাবে কৃষকক তালিকাভুক্ত কৰা হৈছে। এইবাৰ গ্ৰীষ্মকালীন ধানৰ বাবে নগাওঁ জিলাৰ ৬৫,৪৪৮ গৰাকী কৃষকে বীমা কৰণ সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত ৰাজ্যখনৰ আন জিলাৰ লগতে নগাওঁ জিলাটো বীমাকৃত কৃষকৰ মাজত বীমাৰ পলিচি পত্ৰ সমূহ বিতৰণৰ কাম ২৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছে। এই উদ্দেশ্যে নগাওঁ জিলা প্ৰশাসন, নগাওঁ জিলা কৃষি বিভাগ আৰু ফিউচাৰ জেনেৰেলী বীমা কোম্পানীৰ প্ৰচেষ্টাত কলিয়াবৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত “মোৰ পলিচি মোৰ হাতত” নামেৰে এক পলিচি বিতৰণৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাওঁ জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ বিষয়ে বাখ্যা দাঙি ধৰাৰ লগতে এই আঁচনিৰ দ্বাৰা কৃষক সকল উপকৃত হৈছে বুলি মন্তব্য কৰে। তেওঁ লগতে কৃষি বিভাগে কৃষক সকলৰ বাবে আগবঢ়োৱা আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ কৃষক সকলক আহ্বান জনায়। অনুষ্ঠানত ফিউচাৰ জেনেৰেলী ইণ্ডিয়া বীমা কোম্পানীৰ গুৱাহাটীস্থ প্ৰবন্ধক অমিতাভ গুপ্তা, কলিয়াবৰ মহকুমাৰ কৃষি বিষয়া বিষ্ণুৰঞ্জন শইকীয়া, নগাওঁ মহকুমা কৃষি বিষয়া ভদ্ৰ কুমাৰ বৰা আৰু মিজানুৰ ৰহমান আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন গাঁৱৰ শতাধিক কৃষক আৰু মহিলাই অংশগ্ৰহণ কৰে।
প্ৰেৰক কনক হাজৰিকা