নগাঁৱত কনিষ্টবলক ঘেৰাও কৰি উত্তাল প্রতিবাদ মহিলাৰ
নিয়মীয়া বাৰ্তা ১৬ জুনঃ পত্নীৰ বাবেই নগাঁৱত লটি–ঘটি হ’ল এগৰাকী আৰক্ষী কনিষ্টবলৰ৷ আজি পুৱা নগাঁও আৰক্ষী ছাউনীৰ সন্মুখত একাংশ মহিলাই কনিষ্টবলগৰাকীক ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ কমল বৰা নামৰ কনিষ্টবল গৰাকীৰ পত্নী শেৱালি বৰাই কেইবাটাও মহিলা আত্মসহায়ক গোটৰ পৰা প্রায় ৬০ লাখ টকা ঋণত লৈ আত্মগোপন কৰি থকাৰ বাবেই মহিলাসকলৰ ক্ষোভৰ সন্মুখীন হয় কনিষ্টবলগৰাকী৷ নগাঁও আৰক্ষীৰ চৰকাৰী বাসগৃহত থকা আৰক্ষীৰ পত্নীসকলে একত্রিত হৈ কেইবাটাও আত্মসহায়ক গোট খুলি মাহেকীয়া কিস্তিত ধন সংগ্রহ কৰিছিল৷ এই সংগৃহীত ধনেৰে আত্মসহায়ক গোটে গোটৰ সদস্যাসকলক নূ্যনতম সুদৰ হাৰত ঋণ প্রদান কৰি উপার্জনৰ পথ মুকলি কৰিছিল৷ এই আত্মসহায়ক গোটৰ পৰাই কনিষ্টবল কমল বৰাৰ পত্নী শেৱালি বৰাই প্রায় ৬০ লাখ টকা ধাৰলৈ লৈ সেই ধন ঘূৰাই দিয়াৰ সলনি আত্মগোপন কৰে৷ শেৱালি বৰাক চৰকাৰী আৱাসত বিচাৰি গ’লে মহিলাসকলক বিভিন্ন ভাবুকিৰে দুর্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে আৰক্ষী কনিষ্টবল কমল বৰাৰ বিৰুদ্ধে৷ যাৰ বাবে আজি কর্তব্য সম্পাদনৰ বাবে নগাঁও আৰক্ষী ছাউনীলৈ অহাৰ সময়ত আত্মসহায়ক গোটৰ মহিলাসকলে ধন বিচাৰি কনিষ্টবল কমল বৰাক ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইয়াক কেন্দ্র কৰি নগাঁও আৰক্ষীৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়৷ পিছত আন আৰক্ষীৰ লোকে মহিলাসকলক বুজাই–বঢ়াই পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ আত্মসহায়ক গোটৰ মহিলাসকলে শেৱালি বৰাক দিয়া ধন পাব নে নাপায় ই এক গুৰুত্বপূর্ণ প্রশ্ণ হিচাপে চিহ্ণিত হৈছে৷