বাৰেচহৰীয়া ভাওনাস্থলী–কন্যকা কৃষিপাম পৰিদর্শন–নাগশংকৰ ষ্টেডিয়াম উদ্বোধন
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ দিনজোৰা কার্যসূচীৰে চতিয়া বিধানসভা সমষ্টিত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি একাধিক উন্নয়নমূলক প্রকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে নির্মাণকার্যৰ অগ্রগতিৰ বুজ লয়৷ মুখ্যমন্ত্রী ড০ শর্মাই বিশ্বনাথ জিলাৰ নাগশংকৰত ৰাজ্য চৰকাৰৰ ‘ছিগনেচাৰ প্রকল্প’ৰ অধীনত ১০ কোটি টকা ব্যয়েৰে নির্মাণ কৰা এখন অত্যাধুনিক ক্রীড়া ষ্টেডিয়াম মুকলি কৰে৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই ষ্টেডিয়ামে নাগশংকৰৰ ঐতিহ্যত নতুন অধ্যায়ৰ সূচনা কৰি অঞ্চলটোৰ ক্রীডা আন্তঃগাঁথনি অধিক সবল কৰি তুলিলে৷ অঞ্চলটোৰ সামগ্রিক বিকাশৰ বাবে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই গ্রহণ কৰা পদক্ষেপৰ ভূয়সী প্রশংসা কৰি মুখ্যমন্ত্রীয়ে এই ষ্টেডিয়ামৰ কাষতে এখন ইনড’ৰ ষ্টেডিয়াম আৰু ছুইমিং পুল নির্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১০ কোটি টকাৰ অনুদান আগবঢ়াব বুলি ঘোষণা কৰে৷
এই অনুষ্ঠানতে নাগশংকৰ উন্নয়ন সমিতিয়ে প্রদান কৰা স্মাৰক–পত্রৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে অঞ্চলটোত এটা প্রাথমিক স্বাস্থ্যকেন্দ্র নির্মাণ কৰা তথা নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পর্যায়লৈ উন্নীতকৰণৰ বিষয়টো শিক্ষামন্ত্রী আৰু স্বাস্থ্যমন্ত্রীৰ সৈতে আলোচনাৰ ভিত্তিত উপযুক্ত পদক্ষেপ লোৱা হ’ব বুলি কয়৷ এই অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে জলসম্পদ আৰু তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী তথা বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্রী পীয়ূষ হাজৰিকা, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বিধায়ক পদ্ম হাজৰিকা, প্রমোদ বৰঠাকুৰ, পৃথ্বিৰাজ ৰাভা, কৃষ্ণকমল তাঁতী আৰু গণেশ লিম্বু উপস্থিত থাকে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত উপস্থিত হৈ নির্মীয়মাণ বাৰেচহৰীয়া ভাওনা ক্ষেত্রৰ নির্মাণকার্যৰ অগ্রগতিৰ বুজ লয়৷ পৰিদর্শনকালত মুখ্যমন্ত্রীয়ে নির্মাণকার্যৰ অগ্রগতিত সন্তুষ্টি প্রকাশ কৰি এইক্ষেত্রত স্থানীয় বিধায়কগৰাকীয়ে গ্রহণ কৰা পদক্ষেপৰ শলাগ লয়৷ তেওঁ কয় যে বাৰেচহৰীয়া ভাওনাৰ ঐতিহ্য ৰক্ষাৰ বাবে সকলোৱে উপযুক্ত পদক্ষেপ ল’ব লাগিব৷
এইক্ষেত্রত ৰাজ্য চৰকাৰে সহযোগিতাৰ হাত আগবঢ়াই যাব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ পৰিদর্শনৰ সময়ত বাৰেচহৰীয়া ভাওনাস্থলীৰ পট্টাদাৰসকলৰ লগতে বাৰেচহৰীয়া ৰাইজ সভা, শ্রীমন্ত শংকৰ নামধর্ম সমাজকে ধৰি একাধিক সংগঠনৰ প্রতিনিধিয়ে তেওঁক সম্বর্ধনা জনায়৷ দিনজোৰা কার্যসূচীত মুখ্যমন্ত্রী ড০ শর্মাই লোকনির্মাণ বিভাগে চতিয়া বিধানসভা সমষ্টিৰ অন্তর্গত ১৫নং ৰাষ্ট্রীয় ঘাইপথত শ’লগুৰিৰ পৰা ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষিপামলৈ নির্মাণ কৰা ৬.৫ কিলোমিটাৰ দৈর্ঘ্যৰ এটা পথৰো উদ্বোধন কৰে৷ ৰাজ্য চৰকাৰৰ স্ব–গ্রাধিকাৰ উন্নয়ন পুঁজিৰ ‘ছিগনেচাৰ প্রকল্প’ৰ অধীনত ৯.৯৯ কোটি টকা ব্যয়েৰে এই পথটো নির্মাণ কৰা হৈছে৷ এই পথৰ লগতে মুখ্যমন্ত্রীয়ে কন্যকা কৃষিপামলৈ যোৱা এখন তোৰণো মুকলি কৰে৷ ইয়াৰ পাছতে ভৰলীপৰীয়া কন্যকা কৃষিপামত উপস্থিত হৈ মুখ্যমন্ত্রী শর্মাই কৃষিপামখনত ৰূপায়িত কৃষিকার্যৰ বুজ লয়৷
স্থানীয় বিধায়ক পদ্ম হাজৰিকাই মুখ্যমন্ত্রীগৰাকীক কৃষিপামখনত গ্রহণ কৰা বিভিন্ন পদক্ষেপ সম্পর্কে বিতংভাৱে অৱগত কৰে৷ এই পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রীয়ে কৃষিপামখনত নির্মাণ কৰা এটা অত্যাধুনিক অতিথিশালা, এখন প্রৱেশ তোৰণ আৰু উন্নত প্রজাতিৰ ‘গিৰ’ গাইগৰুৰ এখন পামো মুকলি কৰে৷ এই পামত চেউৰীসহ ৫৬টা গাইগৰু বর্তমান ৰখা হৈছে৷ ইয়াৰ পাছত মুখ্যমন্ত্রীয়ে মৰণাকুৰি গাঁওস্থিত কন্যকা বহুমুখী পামৰ হৰিমন্দিৰ নামঘৰত সেৱা লৈ ৰাজ্যবাসীৰ কুশল–মংগলার্থে প্রার্থনা কৰে৷ এই নামঘৰতে স্থানীয় ৰাইজে তেওঁক এখন স্মাৰক–পত্র প্রদান কৰে৷ স্মাৰক–পত্রত উল্লিখিত দাবী অনুসৰি জীয়াভৰলী নৈৰ খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে এখন বিশেষ আঁচনি হাতত লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ সৈতে আলোচনা কৰি জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই বানপানী শুকোৱাৰ পাছতে এই দিশত যাৱতীয় পদক্ষেপ গ্রহণ কৰিব বুলি মুখ্যমন্ত্রীয়ে কয়৷ মৰণাকুৰি গাঁৱৰ লগতে ইয়াৰ কাষৰীয়া গাঁওসমূহৰ যিসকল লোকে এতিয়াও মাটিৰ পট্টা পোৱা নাই, তেওঁলোকৰ পট্টাসমূহ অহা ৬ মাহৰ ভিতৰত প্রদান কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷ স্মাৰক–পত্রত উল্লিখিত অন্যান্য বিষয়সমূহো চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে বিবেচনা কৰিব বুলি মুখ্যমন্ত্রীয়ে কয়৷
চতিয়া সমষ্টিৰ টুপীয়া–বালিজুৰি পথৰ শুভ উদ্বোধন মুখ্যমন্ত্রীৰ
ৰাজ্য চৰকাৰখনে দায়িত্ব গ্রহণৰ তিনিটা মাহৰ ভিতৰতে ৰাজ্যখনৰ গোর্খা সম্প্রদায়ৰ লোকসকলৰ বাবে তিনিটা গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰি এই জনগোষ্ঠীটোৰ সুৰক্ষা আৰু স্বাভিমান বৃদ্ধিৰ বাবে কাম কৰিছে৷ –আজি এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তর্গত টুপীয়াৰ পৰা ৰঙাচকুৱা আৰু মৰিসুঁতি হৈ নতুনকৈ নির্মাণ কৰা ১৪ কিলোমিটাৰ দৈর্ঘ্যৰ বালিজুৰি সংযোগী পথটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্রীয়ে৷ তেওঁ কয়– ড্রাইবেল বেল্ট আৰু ব্লকসমূহত গোর্খা সম্প্রদায়ৰ লোকসকলক প্রটেক্টেড ক্লাছ হিচাপে স্বীকৃতি প্রদান কৰিছে৷ ইয়াৰ ফলত মাটিৰ অধিকাৰকে ধৰি সকলো অধিকাৰ গোর্খাসকলে লাভ কৰিব৷ তদুপৰি এতিয়াৰে পৰা গোর্খাসকলৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত কোনো গোচৰ ৰুজু কৰা নহ’ব তথা ড্রিবিউনেলত ইতিমধ্যে চলি থকা গোচৰসমূহ বাতিল কৰাৰ বাবে চৰকাৰী অধিবক্তাৰ জৰিয়তে পদক্ষেপ লোৱা হ’ব৷ এই সিদ্ধান্তসমূহে অসমত বসবাস কৰি থকা গোর্খা লোকসকলকইমানদিন্ ভুগি অহা শংকা তথা দুশ্চিন্তাৰ পৰা মুক্ত কৰিব বুলিও তেওঁ কয়৷ তদুপৰি গোর্খাসকলৰ ভাষা–সংস্কৃতি, সাহিত্য ইত্যাদি সুৰক্ষাৰ দিশত চৰকাৰে কিছুসংখ্যক গুৰুত্বপূর্ণ পদক্ষেপ ল’ব৷
মুখ্যমন্ত্রীয়ে কিছুমান ৰাজনৈতিক দলৰ প্রৰোচনা তথা অপপ্রচাৰৰ পৰা আঁাঁতৰি থকাৰ বাবে গোর্খা সম্প্রদায়ৰ লোকসকলক আহ্বান জনায়৷ বিজেপি নেতৃত্বাধীন বর্তমানৰ চৰকাৰখনে কথা দি কাম কৰে বুলি উল্লেখ কৰি এগৰাকী গৌৰৱী অসমীয়া হিচাপে সমন্বয় আৰু শান্তিৰে বসবাস কৰা বাবে তেওঁ সকলোৰে প্রতিও আহ্বান জনায়৷ উল্লেখ্য যে এই অনুষ্ঠানৰ লগতে মুখ্যমন্ত্রীগৰাকীয়ে আজি নতুনকৈ নির্মাণ হ’বলগীয়া চেঙামাৰী প্রাথমিক স্বাস্থ্যকেন্দ্র আৰু বালিজুৰি প্রাথমিক স্বাস্থ্যকেন্দ্রৰ নির্মাণকার্যৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ উপৰি এপার্টৰ বজাৰ আধুনিকীকৰণ আৰু উন্নয়ন কার্যসূচীৰ অধীনত নির্মাণ হ’বলগীয়া বালিজুৰি সাপ্তাহিক বজাৰৰ নির্মাণকার্যৰো তেওঁ আধাৰশিলা স্থাপন কৰে৷ এই অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাক বৃহত্তৰ চতিয়া গোর্খা সমাজ, গোর্খা উন্নয়ন পৰিষদ, সদৌ অসম গোর্খা ছাত্র সন্থা (আগছু), অসম নেপালী সাহিত্য সভা, কেন্দ্রীয় অখণ্ড হৰিকীর্তন সমাজ তথা বৃহত্তৰ বালিজুৰিবাসী ৰাইজৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বৰ ৰাজ্য চৰকাৰৰ কার্যকালৰ শেষৰ ফালে টুপীয়া–বালিজুৰি সংযোগী এই পথৰ আধাৰশিলা স্থাপন কৰা হৈছিল৷
নির্ধাৰিত সময়ৰ পূর্বেই এটা উন্নতমানৰ পথ নির্মাণ হোৱাৰ ফলত এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ বৃহৎ উপকাৰ হ’ব বুলি তেওঁ কয়৷ আনহাতে, সেই সময়তে বালিজুৰি আৰু চেঙামাৰীত দুটা প্রাথমিক স্বাস্থ্যকেন্দ্র নির্মাণ কৰাৰ বাবে ৰাইজে অনুৰোধ জনাইছিল৷ আজি নির্মাণকার্যৰ শুভাৰম্ভণি হোৱাৰ লগে লগে এই দুটা স্বাস্থ্যকেন্দ্র অতি সোনকালে আৰু নির্ধাৰিত সময়ৰ ভিতৰতে সম্পূর্ণ কৰা হ’ব বুলিও তেওঁ কয়৷ তদুপৰি বালিজুৰি সাপ্তাহিক বজাৰৰ নির্মাণে অঞ্চলটোত ব্যৱসায়–বাণিজ্য ভালদৰে গঢ় লৈ উঠাতো বিশেষভাৱে সহায় কৰিব বুলি তেওঁ কয়৷ বালিজুৰি অঞ্চল বিভিন্ন জাতি–জনগোষ্ঠীৰ মিলনৰ ক্ষেত্র বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে শান্তি–সম্প্রীতি আৰু সমন্বয় অটুট ৰখাৰ বাবে সকলো সম্প্রদায়ৰ লোককে আহ্বান জনায়৷ আজিৰ এই কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠানত জলসম্পদ বিভাগৰ মন্ত্রী তথা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্রী পীয়ূষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, বিধায়কসকল ক্রমে পদ্ম হাজৰিকা, প্রমোদ বৰঠাকুৰ, কৃষ্ণকমল তাঁতী, পৃথ্বিৰাজ ৰাভা, গণেশ লিম্বু আদিকে ধৰি বহুসংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷ আনহাতে, এই অনুষ্ঠান অনুষ্ঠিত বালিজুৰিৰ পৰা নতুনকৈ নির্মাণ কৰি উদ্বোধন কৰা পথছোৱাৰে মুখ্যমন্ত্রী ড০ শর্মাই ওভতাৰ পথত বালিজুৰিৰ পৰা টুপীয়ালৈকে ১৪ কিলোমিটাৰ পথছোৱাত জনসাধাৰণে চাকি–বন্তি তথা পুষ্পবৃষ্টিৰে মুখ্যমন্ত্রীক বিপুল আদৰণি জনায়৷